বিটিচিত 17 বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল: প্ৰমোদ বড়ো
সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে বিগত সোতৰ বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল নেকি বুলি কটাক্ষ কৰে ৷ প্ৰমোদ বড়োৱে কয় যে, এতিয়া কি শাসন চলিছে সকলোৱে দেখিছে । এতিয়া সকলোৱে পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে ৷ দৰাচলতে নিজৰ দোষ ঢাকিবলৈ হাগ্ৰামাই এনে মূল্যহীন মন্তব্য কৰা বুলি বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে মন্তব্য কৰে ৷
মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে
কংগ্ৰেছ দলৰ ‘অসম বচাও’ শীৰ্ষক অভিযানৰ অংশ হিচাপে শুকুবাৰে ধেমাজি আৰু চিলাপথাৰৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷ ধেমাজি নগৰৰ লিলি চিনেমা হ’লৰ সন্মুখত সন্ধিয়া অনুষ্ঠিত হোৱা এখন সভাত বিজেপি দলক সমালোচনা কৰিবলৈ গৈ সদ্য গেৰুৱা বসন পিন্ধা জোনাইৰ বিধায়ক ভূৱন পেগু আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷
দুষ্কৃতিকাৰীয়ে ফালিলে অসম জাতীয় পৰিষদৰ বেনাৰ
বৃহস্পতিবাৰে নিশা 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডু কলেজ পথ আৰু কলপৰা গাঁৱৰ পদপথত লগোৱা অসম জাতীয় পৰিষদৰ বেনাৰসমূহ কোনো দুষ্কৃতিকাৰীয়ে ফালি পেলোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
ধুবুৰীত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আন্দোলন
দুদিনীয়া কাৰ্যসূচীৰে চৈধ্য দফীয়া দাবী পূৰনৰ দাবীত ধুবুৰী জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অসহযোগ আন্দোলন। এই আন্দোলনৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে বিভিন্ন জিলা প্ৰশাসনিক কাৰ্যালয়সমূহ।
এচিড আক্ৰমণৰ বলি হোৱা মহিলাৰ ওচৰত মন্ত্ৰী পিয়ুষ হাজৰিকা
ডিব্ৰুগড় আমোলাপট্টী নাট্য মন্দিৰৰ সন্মুখত 14 ফেব্ৰৰুৱাৰীৰ দিনা সন্ধিয়া এচিড আক্ৰমণৰ বলি হোৱা মহিলা গৰাকীৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ সম্প্ৰতি মহিলা গৰাকী বিপদ মুক্ত বুলি জনাইছে চিকিৎসকে ৷ এনে ভয়ংকৰ ঘটনা অসমত নজৰবিহীন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলা গৰাকীৰ চিকিৎসাৰ সকলো খৰচ অসম চৰকাৰে বহন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷