নৱগ্ৰহত চিৰদিন লৈ শুই পৰিব চিৰতৰুণ
আজি পঞ্চভূতত বিলীন হ’ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷ ইতিমধ্যে কলাক্ষেত্ৰৰ পৰা তৰুণ গগৈৰ নশ্বৰ দেহ লৈ যোৱা হৈছে চৰকাৰী বাসভৱনলৈ ৷ তাৰ পৰা ৰুক্মিনীগাঁও গীৰ্জা, আমবাৰী বুঢ়া মছজিদ, শুক্ৰেশ্বৰ আদিত শ্ৰদ্ধা জনোৱা হ’ব সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ শিলপুখুৰীৰ পৰা সমদলেৰে লৈ যোৱা হ’ব নৱগ্ৰহ লৈ ৷ নৱ গ্ৰহতেই যাৱতীয় বৈদিক কাৰ্য সম্পাদনেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ ৷
শেষযাত্ৰাত গীৰ্জাত গুণমুগ্ধই শ্ৰদ্ধা জনালে চিৰতৰুণক
খ্ৰীষ্টান ধৰ্মীয় অগনন লোক সমবেত হয়হি পবিত্ৰ গীৰ্জাঘৰত । দিনৰ প্ৰায় 11 বজাত গগৈৰ পাৰ্থিৱ শৰীৰ লৈ অনা হয় ৰুক্মিণীগাঁৱৰ গীৰ্জালৈ । গীৰ্জাত খৃষ্ট ধৰ্মীয় ৰীতি-নীতি অনুসৰি জন নেতাগৰাকীক মাংগলিক বিধানেৰে শেষ বিদায় আৰু আশীৰ্বাদ জনোৱা হয় ৷
নেপালে সোনকালে ঘোষণা কৰিব এভাৰেষ্টৰ নতুন উচ্চতা
এভাৰেষ্টৰ বৰ্তমানৰ উচ্চতা 1954 চনতে ভাৰতীয় জৰীপ বিভাগে ঘোষণা কৰিছিল ৷ নেপালে এভাৰেষ্টৰ উচ্চতা পুনৰ জোখাৰ কথা ঘোষণা কৰাৰ পাছত ভাৰতেও এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিল ৷ কিন্তু নেপালে ভাৰতৰ এই প্ৰস্তাৱ নাকচ কৰি নিজে পৰিমাপ কৰাৰ কথা উল্লেখ কৰে ।
শ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট
দেশত কৰ’ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তেই সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি সমূহে শ্ৰমিক, কৃষকৰ লগতে সাধাৰণ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই আনিছে ৷
কলগাছিয়াত অংগনবাদী কৰ্মী-সহায়িকাৰ ধৰ্মঘট
অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ সদস্যাসকলৰ ধৰ্মঘট পালন ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন সমস্যা সমাধানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷