পৰ্যটক আদৰিবলৈ সাজু মানাহ ৰাষ্ট্ৰীয় উদ্যান
লক ডাউনৰ বাবে বিগত সাত মাহে বন্ধ আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ ক’ৰণা মহামাৰীৰ বাবে উদ্যান কৰ্তৃপক্ষই বন্ধ কৰি দিছিল পৰ্যটকৰ আগমন ৷ যাৰ ফলত বন্ধ হৈ পৰিছিল জীপ ছাফাৰী, ৰিজৰ্ট সমূহ ৷ লক ডাউনে জনজীৱনলৈ ভাবুকিৰ কঢ়িয়াই আনিছিল ৷
ৰাইজৰ তৎপৰতাত আটক ড্ৰাগছ ক্ৰয়কাৰী যুৱক
দৰঙৰ ধূলাত স্থানীয় লোকৰ তৎপৰতাত উচ্ছেদ ড্ৰাগছৰ ঘাটি ৷ ড্ৰাগছ ক্ৰয়ৰ উদ্দেশ্যে অহা দুই যুৱকক ৰাইজে কৰায়ত্ত কৰি গতাই দিয়ে ধূলা আৰক্ষীক ৷
পুনৰ সাংবাদিক নিগ্ৰহঃদোষীক শাস্তিৰ দাবীৰে শিৱসাগৰত আছুৰ কলা পতাকা প্ৰদৰ্শন
শিৱসাগৰত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ দোষীক উপযুক্ত শাস্তিৰ দাবীত আছুৰ প্ৰতিবাদ ৷
বৰপেটাত গাঁৱে গাঁৱে ৰঙা পতাকা উত্তোলন
ভাৰত বৰ্ষত কমিউনিষ্ট আন্দোলনৰ শতবৰ্ষ সম্পূৰ্ণ ৷ চিপিআই এমৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত গাঁৱে গাঁৱে ৰঙা পতাকা উত্তোলন ৷ ভাৰতৰ বুকুত সমাজবাদী বিপ্লৱৰ পতাকা উৰাৰ এশ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত আলোচনা সভা ৷
কোভিড 19: কৰ্ণাটকত আক্ৰান্তৰ সংখ্যা 7,51,390 লৈ বৃদ্ধি
সম্প্ৰতি কৰ্ণাটকত 7,51,390 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ যাৰ ভিতৰত এতিয়াও ভাইৰাছবিধৰ সৈতে যুঁজি আছে 1,12,427 গৰাকী লোকে ৷ বৰ্তমানলৈকে 10,356 গৰাকী ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে ৷