কলিয়াবৰত ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বিৰুদ্ধে প্ৰতিবাদ
শনিবাৰে কলিয়াবৰৰ ৰাজপথত স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ ফ’ৰলেনযুক্ত পথ নিৰ্মাণৰ কামত বিসংগতি হোৱাৰ অভিযোগ তুলি গেমন ইণ্ডিয়া আৰু এন.এইচ.আই.ডি.চি.এলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী ৰাইজে ৷
অসম-মেঘালয় সীমান্ত পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাৰ
বৰ্তমান সকলো ৰাজনৈতিক দল বা নেতাৰ লক্ষ্য পৰৱৰ্তী অসম বিধানসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনী যুঁজত জয়লাভৰ উদ্দেশ্যে এতিয়া প্ৰতিগৰাকী নেতা ব্যস্ত হৈ পৰিছে ৰাইজৰ মনৰ খবৰ লোৱাত ৷ গোৱালপাৰাৰ দুধনৈবাসীৰ মাজত শেহতীয়াভাৱে উপস্থিত হোৱা দেখা যায় প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাক ৷
পিতৃ বিজেপি,মাতৃ কংগ্ৰেছ,পুত্ৰই ঠেং দাঙিছে অগপলৈ
অসমৰ ৰাজনীতিৰ এটা বিশেষ পৰিয়াল ৷ যিটো পৰিয়ালৰ তিনিজন সদস্যই নিজা নিজা ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে তিনিটা ভিন্ন মেৰুত । পৰিয়ালটো এটা সময়ত কংগ্ৰেছ দলৰ বাবে গুৰুত্বপূৰ্ণ পৰিয়াল আছিল । কিন্তু কংগ্ৰেছত থাকি ৰাজনৈতিক অভীপ্সা পূৰণ নোহোৱাৰ সম্ভাৱনা দেখি এতিয়া শিবিৰ বিভক্ত হৈছে এই পৰিয়ালটো ।
কোভিড কেন্দ্ৰৰ নমুনা: ষ্ট্ৰেচাৰতে প্ৰসৱ সন্তান
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত নাৰ্চৰ মইমতালি ৷ জৰুৰীভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা প্ৰসূতিক কোভিড 19ৰ পৰীক্ষা অবিহনে চিকিৎসা প্ৰদান কৰিবলৈ অমান্তি নাৰ্চৰ ৷ উপায়বিহীন প্ৰসূতিয়ে ষ্ট্ৰেচাৰতে প্ৰসৱ কৰিলে সন্তান ৷
সুৰাসক্ত চিকিৎসকৰ আক্ৰমণৰ বলি হ’ল সাংবাদিক
নিশা কামপুৰত সুৰামত্ত চিকিৎসকৰ উদ্ভণ্ডালি ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ দাতাৰ ওপৰত জঁপিয়াই পৰিল সুৰামত্ত চিকিৎসক ৷