অসম

assam

ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 AT 3 PM

তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 AT 3PM
তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Oct 6, 2020, 3:24 PM IST

ভাংনামাৰী চৰৰ আঠকোটি টকীয়া এটা বিশেষ পথ

নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰ অঞ্চল সমূহৰ উন্নয়নৰ নমুনাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ ভাংনামাৰী চৰৰ আঠকোটি টকীয়া পথৰ দৃশ্যাংশই উদঙাই দিছে চৰাঞ্চলত উন্নয়নৰ নামত হোৱা চৰম দুৰ্নীতিৰ প্ৰকৃত ছবিখন ৷

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

বৰ্তমানলৈকে বিশ্বৰ প্ৰায় 3,56,98,655 গৰাকী লোক কৰ’ণা ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 10,45,953 গৰাকীয়ে ৷ আক্ৰান্ত সকলৰ ভিতৰত 2,68,67,153 গৰাকীয়ে সুস্থ হোৱাৰো তথ্য লাভ কৰা গৈছে ৷

চিৰাঙত প্ৰাক্তন এনডিএফিব সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ

চিৰাঙত প্ৰাক্তন এনডিএফিবি সমন্বয়ৰক্ষী সমিতিৰ ধৰ্মঘট কাৰ্যসূচী ৷ শান্তি চুক্তি স্বাক্ষৰৰ পিছতো এইসকল প্ৰাক্তন এনডিএফিবি সদস্যক চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰা ধৰণে সুবিধা প্ৰদান নকৰাৰ প্ৰতিবাদতে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

দেশত COVID-19 ত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা মুঠ 66,85,083 গৰাকীলৈ বৃদ্ধি পায় ৷ আনহাতে শেহতীয়াকৈ 884 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ লগে লগে দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা 1,03,569 গৰাকীলৈ বৃদ্ধি পাইছে ৷

ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান

ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷ খিলঞ্জীয় লোকৰ স্বাস্থ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক প্ৰদান কৰা হয় মাটিৰ পট্টা ৷

হাৰিয়ানালৈ ৰাওনা কংগ্ৰেছ নেতা ৰাহুল গান্ধী

কৃষি আইনৰ বিৰোধিতাৰে দেশৰ ভিন্ন প্ৰান্তত অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। 'খেতি বচাও' যাত্ৰা' শীৰ্ষক ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণৰ বাবে মঙলবাৰে হাৰিয়ানা অভিমুখে ৰাওনা হ'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। হাৰিয়ানাৰ ৰাজ্যিক কংগ্ৰেছৰ প্ৰমুখ তথা প্ৰাক্তন মন্ত্ৰী কুমাৰী শৈলজাই টুইটযোগে এই কথা প্ৰকাশ কৰে।

শিৱানী হত্যাকাণ্ড:আজিও গ্ৰেপ্তাৰ নহ’ল অপৰাধী

হত্যাকাণ্ডৰ আজি সাত দিন অতিবাহিত হোৱাৰ পিছতো কৰিমগঞ্জৰ আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল ৷ স্থানীয় দল সংগঠনৰ অভিযোগ, কৰিমগঞ্জৰ আৰক্ষীয়ে দোষীক বচাবলৈহে কৰিছে চেষ্টা ।

কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ক’লা ব্যৱসায় !

কলগাছিয়াৰ মইনবড়ীত উদ্ধাৰ 480 বেগ চোৰাং চাউল ৷ কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি দাসৰ জ্ঞাতসাৰে কলগাছিয়াত চাউল আৰু তেলৰ ক’লা ব্যৱসায় চলা বুলি অভিযোগ উত্তেজিত ৰাইজৰ ৷

মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল

মূল্যবৃদ্ধি ৰোধত বিফলতাৰ অভিযোগেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মৰিগাঁও জিলা নিৰ্মাণ শ্ৰমিক পৰিষদৰ সদস্য সকলে ৷ প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

কৰিমগঞ্জৰ এগৰাকী অধিবক্তাৰ মহানুভৱতা

কৰিমগঞ্জত ধৰ্ষণৰ বলি হোৱা এগৰাকী যুৱতীৰ ন্যায়ৰ বাবে বিনামূলীয়াকৈ আইনী যুঁজ দিব এগৰাকী অধিবক্তাই । ৭দিন পূৰ্বে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল যুৱতীগৰাকীক। এটকাও মাননি নোলোৱাকৈ নিৰ্যাতিতাৰ ন্যায়ৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে অধিবক্তা শৰ্মিলা পুৰকায়স্থই।

ABOUT THE AUTHOR

...view details