শংকৰদেৱ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান
আজি মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত 2020 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালৰ লগতে বহু কেইগৰাকী মন্ত্ৰী, বিষয়ববীয়া আৰু বিধায়ক অনুষ্ঠানটোত উপস্থিত থাকে ৷ চলিত বৰ্ষত এই বঁটাৰ বাবে চৰকাৰে মুকলি কৰিছে মুঠ 34 কোটি টকা ৷
SI কেলেংকাৰীৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
বুধবাৰে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ SI কেলেংকাৰীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷
ৰাজ্যজুৰি চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
সমগ্ৰ ৰাজ্য লগতে যোৰহাটতো তীব্ৰ প্ৰতিবাদ চুতীয়া জাতি ছাত্ৰ সন্থাৰ । উল্লেখযোগ্য যে, অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা আৰু চুতীয়া জনগোষ্ঠীক "পূৰ্ণ স্বায়ত্ব শাসিত পৰিষদ" প্ৰদানৰ দাবীত বুধবাৰে যোৰহাট জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
এজেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক : ডাঃ নজৰুল ইছলাম
এখন দলীয় সভাত সমাগত নিৰ্বাচনৰ বিষয়ে কেতবোৰ মন্তব্য আগবঢ়ায় 81 নং লাহৰীঘাট বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ নজৰুল ইছলামে ৷ 2021 ৰ বিধানসভা নিৰ্বাচনত এক ত্ৰিকোণীয় প্ৰতিদ্বন্দিতা হ'ব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷
তামুলপুৰত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ
তামুলপুৰৰ কুমাৰীকাটা-নাগ্ৰিজুলী সংযোগী পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ ৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ ৷