Encounter by Assam police: অসম আৰক্ষীৰ গুলীত নিহত বিহাৰৰ ছুপাৰী কিলাৰ মোহন কুমাৰ
লামডিঙৰ তৰুণ চক্ৰৱৰ্তীলৈ গুলীচলনা কৰা ছুপাৰী কিলাৰক হত্যা (Supari Killer killed in encounter) ৷ আৰক্ষীৰ গুলীত নিহত বিহাৰৰ মোহন কুমাৰ নামৰ ছুপাৰী কিলাৰটো ৷ শুকুৰবাৰে তৰুণ চক্ৰৱৰ্তী নামৰ ৰেলৱে’ বিভাগৰ প্ৰাক্তন কৰ্মচাৰীজনক গুলীয়াইছিল মোহন কুমাৰে (Firing at Lumding) ৷
Bhupendra Patel oath ceremony : আজি গুজৰাটত শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে ল’ব শপত
সোমবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে (Gujarat CM Bhupendra Patel)। পেটেলৰ লগতে একাংশ নতুন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, ৰাজনাথ সিং, নীতিন গাডকাৰী, মনসুখ মাণ্ডভিয়া, পুৰুষোত্তম ৰূপালাৰ দৰে প্ৰবীণ নেতাইও অংশগ্ৰহণ কৰিব ৷ উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো ৷
Bharat Jodo Yatra at Rajasthan: ৰাজস্থানত মহিলা শক্তি পদযাত্ৰাত ৰাহুল গান্ধী
ৰাজস্থানৰ তেজাজী মন্দিৰৰ পৰা আৰম্ভ হৈছে মহিলা শক্তি পদযাত্ৰা (Womens Power March in Rajasthan)। ভাৰত জোড়ো যাত্ৰাৰ আজি এই বিশেষ দিনটোত অংশগ্ৰহণ কৰিছে ৫০০০ তকৈও অধিক মহিলা নেত্ৰীয়ে । আজিৰ যাত্ৰাত কেৱল মহিলা যাত্ৰীসকলেহে যোগদান কৰিছে ।
Multi Year Health Plans : জঞ্জালমুক্ত সুৰক্ষাৰ বাবে বাছনি কৰক বহু বছৰীয়া স্বাস্থ্য আঁচনি
চিকিৎসা ব্যয় প্ৰতি বছৰে বাঢ়ি আহিছে । এনে সময়ত, বহু বছৰীয়া স্বাস্থ্য বীমা আঁচনিবোৰ কামত আহে (multi year health insurance plans) । সেইবোৰে আঁচনি ধাৰকসকলক (policy holders) কোনো অসুবিধা নোহোৱাকৈ দীঘলীয়া সময়ৰ বাবে সুৰক্ষিত হৈ থকাত সহায় কৰে । আপুনি এবাৰতে বা কিস্তিত দুইৰ পৰা তিনি বছৰৰ বাবে প্ৰিমিয়াম পৰিশোধ কৰিব পাৰে । তাৰ পিছত নিৰৱচ্ছিন্ন স্বাস্থ্য আৱৰণৰ (health coverage) বিষয়ে নিশ্চিত হওক । ই কি অতিৰিক্ত লাভালাভ আগবঢ়ায় চাওঁ আহক এবাৰ ।
Evictions in Tinsukia: তিনিচুকীয়াত ৰে’লৱে বিভাগৰ উচ্ছেদ অভিযান
তিনিচুকীয়াৰ শ্ৰীপুৰীয়া, ৰাজাআলিত সোমবাৰে ৰে’লৱে আৰু তিনিচুকীয়া জিলা প্ৰশাসনে এক উচ্ছেদ অভিযানৰ কাৰ্যসূচী হাতত লয় (Railway department evictions in Tinsukia) । ৰে’লৱেৰ মাটিত যিসকল লোকে অবৈধ ভাৱে মাটি দখল কৰি ৰাখছিল তেওঁলোকৰ মাটিৰ ওপৰত চলিল প্ৰশাসনৰ এই উচ্ছেদ অভিযান । ৰে’লৱে বিভাগে প্ৰায় ১৫০ ৰো অধিক অবৈধ নিৰ্মাণৰ ওপৰত নিজৰ অভিযান চলাই প্ৰশাসনে (Evictions in Tinsukia) । উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বে ৰে’লৱে বিভাগৰ পৰা জাননী প্ৰেৰণ কৰাৰ লগতে কেইবাবাৰো মাইকযোগে ঘোষণা কৰা বুলি উপস্থিত ৰাজহচক্ৰ বিষয়াগৰাকীয়ে(Revenue Circle Officer of Tinsukia) জানিব দিয়াৰ লগতে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান অব্যাহত থকা বুলি জানিব দিয়ে ৷