Rajya Sabha election 2022 : ভোট দিব নোৱাৰিলে এনচিপিৰ নেতা নৱাব মালিকে
মহাৰাষ্ট্ৰৰ ৰাজ্যসভা নিৰ্বাচনত ভোট দিব নোৱাৰে এনচিপিৰ নেতা তথা মন্ত্ৰী নৱাব মালিকে (Nawab Malik not allowed to vote in Rajya Sabha election)। কাৰাগাৰত থকা নেতাগৰাকীয়ে ভোটদানৰ বাবে অনুমতি বিচাৰিছিল যদিও আদালতে জামিন প্ৰদান নকৰিলে নেতাগৰাকীক । শিৱসেনাৰ দ্বিতীয় প্ৰাৰ্থী সঞ্জয় পাৱাৰক নিৰ্বাচিত কৰাৰ বাবে শাসকীয় দলৰ অংশীদাৰ দলৰ ভোট অতি প্ৰয়োজন ।
বান পীড়িতৰ সমস্যাৰ বুজ ল’বলৈ উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ
হোজাইত উপস্থিত অসমৰ শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kishan at Hojai) ৷ কেবিনেটৰ দায়িত্ব পালন কৰা উদ্দেশ্যৰে হোজাই জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে (Minister Sanjay Kisan visited the flood effected area) ৷
ব্ৰডগজ লৈ কেন্দ্ৰ ৰেলব’ৰ্ড আৰু ৰেলৰ নিৰ্মাণ শাখাক জাননী উচ্চ ন্যায়ালয়ৰ
ব্ৰডগজ নিৰ্মানত বিয়াগোম কেলেংকাৰীৰ অভিযোগ ৷ বৃহস্পতিবাৰে ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰা ৰে'ল মন্ত্ৰালয়ৰ সচিব, ৰে'লৱে বৰ্ডৰ চেয়াৰমেন আৰু উত্তৰ পূব সীমান্ত ৰে'লৰ নিৰ্মান শাখাৰ জেনেৰেল মেনেজাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অস্থায়ী প্ৰধান বিচাৰপতি এন কোটিশ্বৰ সিংহ আৰু বিচাৰপতি সৌমিত্ৰ শইকীয়াৰ ডিভিজন বেঞ্চে জাননী জাৰি কৰে ৷
লতা দিদিৰ পৰা এটা ফোনৰ অপেক্ষাত আশা ভোঁচলে
'নাম ৰেহ জায়েগা'ৰ আগন্তুক খণ্ডত লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জনাব আশা ভোঁচলেই ৷ খণ্ডটিত কিছু ভাল লগা স্মৃতিও ৰোমন্থণ কৰিব আশাই (Lata Mangeshkar sister) ৷ চলিত বছৰৰ 6 ফেব্ৰুৱাৰীত সকলোকে কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় মাগিছিল লতা মংগেশকাৰে ৷
Red Corner Notice against Goldy Brar : গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী
পাঞ্জাৱ আৰক্ষীয়ে গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী বিচাৰিছিল । তাৰ পাছতে ইণ্টাৰপ'লে গোল্ডি ব্ৰাৰৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰে (Red Corner Notice against Goldy Brar)। ইয়াৰ পূৰ্বে সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰে ।