লণ্ডনৰ আদালতত মুকুল হাজৰিকাৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ
সোমবাৰে লণ্ডনৰ Westminister Magistrates' Court ত ভাৰত চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তাই কয় যে, যোৱা সময়চোৱাত ডাঃ মুকুল হাজৰিকাই নতুন প্ৰজন্মক আলফা(স্বা)ত যোগদানৰ বাবে উৎসাহিত কৰি অহাৰ লগতে ম্যানমাৰৰ আলফা শিবিৰত উপস্থিত থাকি ভাষণো দিছিল ৷
Flood in Assam : প্ৰলয়ংকৰী বানত প্লাৱিত ৰাজ্যৰ 20 খন জিলাৰ ভিন্ন অঞ্চল
ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে (Flood situation become critical in Assam) ৷ ২০ খন জিলাৰ ৬৫২ খন গাঁও সম্পূৰ্ণৰূপে বানত বিধ্বস্ত ৷ প্ৰায় ১,৯৭,২৪৮ গৰাকী লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বানত প্লাৱিত হৈছে ১৬,৬৪৫.৬১ হেক্টৰ কৃষি ভূমি ৷
মৰা পাগলদিয়া-বুঢ়াদিয়াৰ বানত প্লাৱিত পশ্চিম নলবাৰী
পশ্চিম নলবাৰীত বানৰ তাণ্ডৱ (Flood in Nalbari) ৷ জিলাখনৰ টিহুৰ বালি, মাক্ৰাপাৰা আদি অঞ্চলসমূহে বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ পিছত মধুপুৰ উন্নয়ন খণ্ডৰ অধীনৰ লখোপুৰত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷
কাৰ্তি চিদাম্বৰমৰ বাসগৃহ আৰু কাৰ্যালয়ত CBIৰ অভিযান
শেহতীয়াকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ নেতা কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে । সেই গোচৰৰ ভিত্তিতে নেতাগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ত চিবিআইৰ অভিযান অব্যাহত আছে (CBI searches multiple locations of Karti Chidambaram)। কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ হৈছে কাৰ্তি চিদাম্বৰম ।
হঠাৎ বৃদ্ধি গুৱাহাটী-শিলচৰৰ বিমান ভাড়া: পৰিস্থিতিৰ সুযোগ লৈছে বিমান কোম্পানীয়ে
হঠাৎ বৃদ্ধি কৰা হৈছে গুৱাহাটী-শিলচৰৰ বিমান ভাড়া (Flight fare for Guwahati to Silchar increased) ৷ শিলচৰ আৰু গুৱাহাটীৰ মাজত চলা ইণ্ডিগ' আৰু স্পাইছজেট বিমানৰ ভাড়া 12 হাজাৰ 500 টকাৰ পৰা 14 হাজাৰ পৰ্যন্ত হৈছে ৷