প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ "আপ"ত যোগদান
অব্যাহত আছে দল সলনিৰ প্ৰক্ৰিয়া ৷ সোমবাৰে পুনৰ আৰু এগৰাকী প্ৰাক্তন বিধায়কৰ লগতে কেইবাজনো নেতাই সলনি কৰে নিজৰ ৰাজনৈতিক ঠিকনা ৷
নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰত কৃত্ৰিম বান
বিগত তিনি দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে শিৱসাগৰৰ জনজীৱন । হাট-বজাৰ মন্দা চলাৰ লগতে যাতায়ত আৰু পৰিবহন স্তিমিত হৈ পৰিছে ।
চত্ৰং নৈৰ বানত বুৰিছে গহপুৰ
কেইবাদিনো ধৰি থকা নেৰা-নেপেৰা বৰষুণৰ ফলত গহপুৰত কালৰূপ ধাৰণ কৰিছে চত্ৰং নৈয়ে ৷ ৮ নং ৱাৰ্ডৰ এটা পথ নৈৰ প্ৰৱল সোঁতত ছিঙি যোৱাৰ ফলত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হয় ৷ চত্ৰং নৈৰ মথাউৰিক লৈও শংকিত হৈ পৰিছে গহপুৰবাসী(Flood situation in Gohpur) ।
ডিমা হাছাওত আৱদ্ধ ৰে’ল যাত্ৰীক হেলিকপ্টাৰেৰে উদ্ধাৰ
নেৰানেপেৰা বৰষুণত বিপৰ্যস্ত ৰাজ্যৰ বহুকেইটা অঞ্চল । ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত ডিমা হাছাও(Terrible form of landslides in dima hasao) । ব্যাপক ভূমিস্খলনৰ ফলত ৰে'লসেৱা বন্ধ হোৱাৰ পাছত বৰ্তমান ২৭ নং ৰাষ্ট্রীয় ঘাইপথৰেও যাতায়ত স্তব্ধ হৈ পৰিছে ।
এফালে কৃত্ৰিম বান; আনফালে চোৰৰ টিঘিলঘিলনি
নলবাৰীৰ কৃত্ৰিম বানৰ সুবিধা গ্ৰহণ কৰিছে একাংশ চোৰে ৷ সোমবাৰে কাহিলিপুৱাতে চহৰখনৰ গাতে লাগি থকা চ’ক বজাৰৰ সমীপৰ মাজদিয়াত হাতে-লোটে ধৰা পৰে এটা চোৰ(Thief nabbed by locals of Nalbari) ৷ দুজনীয়া দলটোৰ এটাই পলাই যাবলৈ সক্ষম হয় ৷