অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - Lalu Prasad Yadav health update

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-3-pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Mar 22, 2022, 3:12 PM IST

Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন

লাহৰীঘাট থানাৰ ভিতৰত কিশোৰক বৰ্বৰোচিত নিৰ্যাতন (Lahorighat Police thrash minor) ৷ ঘটনাত জড়িত আৰক্ষী বিষয়াক চাকৰিৰ পৰা নিলম্বন ৷ উক্ত ঘটনা সন্দৰ্ভত মঙলবাৰে সংবাদমেল সম্বোধন কৰে জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে ৷

পেট্ৰ’ল-ডিজেলৰ লগতে মূল্যবৃদ্ধি হ’ল ৰন্ধন গেছৰ

মূল্যবৃদ্ধিৰ বোজা সহিব নোৱাৰা সাধাৰণ লোকৰ মূৰত পুনৰ ৰামটাঙোন ৷ মূল্যবৃদ্ধি ঘটোৱা হৈছে পেট্ৰ’পণ্যৰ লগতে ঘৰুৱা কাৰ্যত ব্যৱহৃত চিলিণ্ডাৰৰ (LPG and Fuel price hiked) ৷ মঙলবাৰৰে পৰা কাৰ্যকৰী কৰা হ’ব এই মূল্য ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা ২৪ প্লাছ সংগঠনৰ

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি নিজাববীয়া নীতি অবিহনে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Election of Karbi Anglong autonomous Council) অনুষ্ঠিত কৰিবলৈ লোৱা বুলি দাবী 24 প্লাছ সংগঠনৰ ৷

Lalu Prasad Yadav health update : উন্নত চিকিৎসাৰ বাবে লালুপ্ৰসাদ যাদৱক প্ৰেৰণ কৰা হ’ব দিল্লীলৈ

আৰ জে ডি দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি (Lalu Prasad Yadav health update) । উন্নত চিকিৎসাৰ বাবে যাদৱক ৰাঁচীৰ পৰা দিল্লীলৈ নিয়াৰ প্ৰস্তুতি অব্যাহত (Lalu Yadav will be sent to Delhi for better treatment) ৷ এই সন্দৰ্ভত RIMS ৰ চিকিৎসা পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হ'ব ।

খেৰণিত নাবালিকা ধৰ্ষণকাৰীক এনকাউন্টাৰ

পশ্চিম কাৰ্বি আংলঙত এনকাউন্টাৰত আহত ধৰ্ষণৰ অভিযুক্ত (Rape accused injured in encounter)৷ দুটিকৈ শিশুক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৰিন্দ্ৰ ৰামক গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীবিদ্ধ হয় অভিযুক্তটো ৷

পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত যুৱকৰ সজাগতামূলক যাত্ৰা

১৯২৪ চনতে বৃটিছে সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা দিয়া পবা অসমৰ অন্যতম পুৰণি সংৰক্ষিত বনাঞ্চল (Poba Reserve Forest) ৷ বহু সমল, সভ্যতা নিজৰ বুকুত বহন কৰা পবা আজি সংকটৰ গৰাহত ৷ যাক সুৰক্ষা দিয়াৰ স্বাৰ্থত সজাগতামূলক যাত্ৰা বাহিৰ কৰে জোনাইৰ এদল যুৱকে ৷

সদনত 'জয় শ্ৰীৰাম' আৰু 'জয় আই অসম' ধ্বনি

প্ৰশ্নকালীন ঘণ্টাত শাসক-বিৰোধীৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত সদন । মূল্যবৃদ্ধি আৰু নিযুক্তিৰ প্ৰসংগক লৈ বিধানসভাত সৰৱ বিৰোধী । বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্রীক মিছলীয়া আখ্যা দিলে অখিল গগৈয়ে (Akhil Gogoi criticizes BJP government)।

লক্ষাধিক টকাৰ গাঞ্জাসহ ত্ৰিপুৰা আৰক্ষীৰ জালত এজন

ত্ৰিপুৰাত আৰক্ষীয়ে জব্দ কৰিছে লক্ষাধিক টকাৰ গাঞ্জা (Huge cache of cannabis seized in Tripura) ৷ আগৰতলাৰ পৰা অসমলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি ৷

ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ নেতৃত্ব সলনি

লেফটেনেণ্ট জেনেৰেল ৰাভিন খোচলাৰ পৰা লেফটেনেণ্ট জেনেৰেল দিনেশ সিং ৰাণালৈ হস্তান্তৰ কৰা হৈছে ভাৰতীয় সেনাৰ গজৰাজ কৰ্পৰ দায়িত্ব (change of command of Gajraj Corps ) ৷ সবিশেষ জানো আহক ৷

পুনৰ হৰ্চ ট্ৰেডিঙৰ প্ৰসংগ : কি জটিল অংক চলিছে ৰাজ্যৰ ৰাজনীতিত ?

হৰ্চ ট্ৰেডিঙৰ প্ৰসংগত উত্তাল ৰাজ্যৰ ৰাজনীতি (Horse Trading allegation) ৷ ৰাজ্যসভাৰ আসনক লৈ জটিল অংক শাসক-বিৰোধীৰ ! বিৰোধী বিধায়কে সহায় কৰিব নেকি বিজেপিক ?

ABOUT THE AUTHOR

...view details