বাজেট 2021-22: ৰঙিয়াৰ এপ'ল মিলৰ কৰ্মচাৰীলৈ ভাল খবৰ
১০৭৫৫৬.২৯ কোটি টকাৰ ব্যয় প্ৰস্তাৱেৰে শুকুৰবাৰে বিয়লি বিধানসভাৰ মজিয়াত বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ প্ৰথমখন বাজেট (Assam budget) দাখিল কৰিলে ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিললৈও ধাৰ্য কৰা হৈছে ১২ কোটি টকা ।
পথাৰত হাল বাঁওতেই কপাল ফুলিল কৃষকৰ
ভৰ্তি সোণোৱাল গাঁৱৰ ভূৱণ সোণোৱাল নামৰ কৃষক জনে পথাৰত হাল বাই থাকোতেই নাঙলত লাগি উঠি আহে এটা বাটি । তাৰ পাচতে আন ছটা বাতি উদ্ধাৰ হয় সেই স্থানত ৷ বাটি কেইটাৰ তিনিটা ভগ্ন অৱস্থাত আৰু চাৰিটা নিখুঁত অৱস্থাত উদ্ধাৰ হয় ৷
নিশ্চিহ্ন হোৱাৰ দিশে চৰাইদেউৰ সাপেখাতিৰ নেফা আলি সংযোগী পথ
নিশ্চিহ্ন হোৱাৰ দিশে চৰাইদেউ জিলাৰ সাপেখাতিৰ নেফা আলি সংযোগী পথ ৷ গৃহ সমষ্টিত ভয়ানক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কেতিয়া ব্যৱস্থা ল'ব সাংসদ তপন কুমাৰ গগৈয়ে (Tapan Gogoi) ৷
তৎপৰতা বাঢ়িছে বিদ্যুতৰ গ্ৰাহকৰ; কিন্তু কিয় ?
শক্তি বিভাগৰ শক্তি প্ৰদৰ্শনৰ পাছতেই তৎপৰ বিদ্যুতৰ একাংশ গ্ৰাহক ৷ বিদ্যুতৰ বিল দিবলৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ভীৰ বাঢ়িছে গ্ৰাহকৰ ৷ বিদ্যতৰ বিল পৰিশোধ কৰাৰ নামত কলিয়াবৰ বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ লানি নিচিগা ভীৰ ৷
মৰাণত সাংবাদিক গোবিন দাসক শ্ৰদ্ধাঞ্জলী
যুৱ সাংবাদিক গোবিন দাসৰ স্মৃতিত সাপেখাতী চাৰিআলিত সহ সাংবাদিক সকলৰ উদ্যোগত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হয় ৷ ১৪ তাৰিখ বুধবাৰে নিশা প্ৰায় ১০ বজাত মটৰ চাইকেলেৰে ঘৰলৈ আহি থকাৰ অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷