অসম

assam

ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 3 PM

3 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 3 PM
3 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Jul 1, 2021, 3:07 PM IST

অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

NIAৰ সকলো গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ । চানমাৰি থানাৰ গোচৰৰ পৰা বৃহস্পতিবাৰে দোষমুক্ত হ'ল । NIAৰ ফালৰ পৰা অখিল গগৈক দোষী সাব্যস্ত কৰিব পৰা কোনো তথ্য তথা যুক্তি নথকাত আদালতে অখিল গগৈক দোষমুক্ত কৰে । অতি শীঘ্ৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে বিধায়ক অখিল গগৈ ।

চানমাৰি থানাৰ গোচৰত দোষমুক্ত অখিল: ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ প্ৰতিক্ৰিয়া

সম্পূৰ্ণ ডেৰ বছৰ দিন ৰঙাঘৰত কটোৱা পাছত বৃহস্পতিবাৰে নিয়াৰ (NIA) ৰ বিশেষ আদালতে অখিল গগৈ (Akhil Gogoi)ক চানমাৰি থানাৰ গোচৰত দোষমুক্ত কৰে ৷ বৃহস্পতিবাৰে পুৱা নিয়াৰ (NIA) ৰ আদালতত হাজিৰ কৰোৱা হৈছিল অখিল গগৈক ৷ অখিল গগৈৰ মুক্তি খবৰ লাভ কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰে ৰাইজৰ দল (Raijor dol) । অখিল গগৈৰ মুক্তিৰ পাছতেই যোৰহাট জিলা ৰাইজৰ দল (Raijor dol)ৰ আহ্বায়ক দিব্যজ্যোতি শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ভাইৰেল হৈছে দৰং জিলাৰ পৰিবহণ বিষয়া সঞ্জীৱ কৃষ্ণ

সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপথতে উদ্ভট আচৰণ প্ৰদৰ্শন কৰিলে দৰং জিলাৰ পৰিবহণ বিষয়া সঞ্জীৱ কৃষ্ণই ৷ ৰাজপথত কেৰেটিয়ানৰ ৰূপত আৱিৰ্ভৱ হ'ল পৰিবহণ বিষয়াগৰাকী ৷

আধাৰ কাৰ্ডৰ নামত ধন লৈ ৰঙাঘৰৰ আলহী

হোজাই জিলাৰ উদালি থানাৰ অন্তৰ্গত নতুন বজাৰ লংকাজান আধাৰ কেন্দ্ৰ (Aadhaar Center) ত আধাৰ কাৰ্ড (Aadhaar Card) বনোৱাৰ নামত 1000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ৷ উদালি আৰক্ষী (Udali Police)য়ে অভিযান চলাই আব্দুল খালেক আৰু গুলজাৰ হুচেইন নামৰ দুজনক ইতিমধ্যে আটক কৰিছে ৷

জোনাইত বাঢ়নী পানীত খহিল পকী দলং: নিম্নমানৰ সামগ্রী ব্যৱহাৰৰ অভিযোগ

জোনাই মহকুমাৰ সৰ্বাধিক বান বিধ্বস্ত অঞ্চল বেৰাচাপৰিৰ প্ৰায় ২৫-৩০ খন গাঁৱৰ ৰাইজৰ জোনাই সদৰকে ধৰি অন্যান্য প্ৰান্তৰ সৈতে যোগাযোগৰ একমাত্ৰ মাধ্যম আছিল এই দলঙখন ৷ পকী দলঙখন নিৰ্মাণ কাৰ্য দুমাহ পূৰ্বেহে সম্পূৰ্ণ কৰা হৈছিল ৷

মোদী মন্ত্ৰীসভা সম্প্ৰসাৰণ: দিল্লীলৈ ৰাওনা হিমন্ত-সোণোৱাল

দুই এদিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া ৷ মন্ত্ৰী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অন্তৰ্ভুক্ত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে ৷

শ শ বগলীৰ কলৰবেৰে গুঞ্জৰিত হোৱা খোৱাঙৰ এখন গাঁও

শেহতীয়াকৈ শেহতীয়াকৈ টংলা চহৰৰ 1 নং ৱাৰ্ড পৌৰ নিগমে অতি অমানৱীয় ভাৱে প্ৰায় 300 বগলী নিধন কৰাৰ সময়তে খোৱাঙৰ এই গাঁও খনত দেখিবলৈ পোৱা গৈছে এক বিপৰীত ছবি ৷ দুজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি লৈ উঠিছে এক নিদৰ্শনমূলক পৰিৱেশ ৷

অসমত ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়জন ৰোগীৰ মৃত্যু

মৃত্যুৰে হাৰ মানিলে অসমৰ ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়গৰাকী ৰোগীয়ে ৷ 15 দিন ধৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল লোকগৰাকী ৷ ক'ভিডত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পাচতে লোকগৰাকীৰ দেহত ব্লেক ফাংগাছৰ অৱস্থিতি ধৰা পৰিছিল ৷ অতিৰিক্ত মধুমেহ ৰোগ থকাৰ বাবেই তেওঁৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

বুধবাৰে অনুষ্ঠিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) নেতৃত্বাধীন মন্ত্ৰীসভাৰ সপ্তমখন কেবিনেট(seventh cabinet) বৈঠক ৷ উক্ত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আজিৰ কেবিনেটত বিধায়ক পদ্ম হাজৰিকা(Padma hazarika)ক কেবিনেটৰ পদ মৰ্যদা প্ৰদান কৰা হয় ৷

প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ

ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এটি সুখবৰ ৷ অচিৰে প্ৰায় এক লাখ নিবনুৱাক নিযুক্তি দিব ৰাজ্য চৰকাৰে ৷ এই সন্দৰ্ভত বুধবাৰে বহু কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ চাওক মন্ত্ৰীগৰাকীয়ে কোন বিভাগত কেইটা পদ খালী থকাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিলে-

ABOUT THE AUTHOR

...view details