1.২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰ নিৰ্ধাৰণ
ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে সজোৰে চৰ্চা চলিছিল যে, নতুন সমষ্টি পুণৰ নিৰ্ধাৰণৰ ভিত্তিতে ২০২১ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । কিন্তু অৱশেষত সেয়া সম্ভৱ হৈ নুঠিল ।
2.শালকোচা বজাৰত জব্দ বৃহৎ পৰিমানৰ বিলাতী সুৰা
কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত আংশিক লক ডাউন, সান্ধ্য আইন বলৱৎ হৈ থকাৰ সুযোগ গ্ৰহণ কৰি জিলাই জিলাই একাংশ অসাধু লোকে চলাই গৈছে ড্ৰাগছ আৰু নিচা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা ৷ পুনৰ ধুবুৰী জিলা আৰক্ষীয়ে (Dhubri police) আৰক্ষীয়ে চাপৰৰ শালকোচা বজাৰত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।
3.চিৰাঙত 36 খন চুৰি বাইকসহ 19 টা চোৰ আৰক্ষীৰ জালত
চিৰাঙত অসম আৰক্ষীৰ (Assam Police) বিশেষ সঞ্চালক প্ৰধান এল আৰ বিষ্ণইৰ সংবাদমেল । চিৰাঙত ৩৬ খন চুৰি মটৰ চাইকেল উদ্ধাৰ ৷ ১৯ টা চোৰ আৰক্ষীৰ জালত ৷
4.নগাঁৱত ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন কৰা ৰোগীক পুনৰ আটক
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিসালয় (Bhogeswari Phukanani Civil Hospital)ৰ পৰা পলায়ন কৰে এগৰাকী কভিডত আক্ৰান্ত হোৱা লোক ৷ ইতিমধ্যে বটদ্ৰৱাৰ ভোগবাৰী গাঁৱৰ ৰাইজে লোক জনক আটক কৰি জাজৰী আৰক্ষী থানাত চমজাই দিয়ে ৷
5.জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কাৰ্যালয়ত মন্ত্রী অতুল বৰা
ঐতিহাসিক অসম চুক্তিৰ (Assam Accord) বিভিন্ন দফা ৰূপায়ণ সন্দৰ্ভত আলোচনা । এন আৰ চিৰ (NRC) পুনৰীক্ষণৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ প্ৰতি জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সদিচ্ছা আৰু সমৰ্থন।