1.প্ৰসংগ NRC: প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিআইডিত গোচৰ আভিজিৎ শর্মাৰ
বংশবৃক্ষ পৰীক্ষণৰ নামত ব্যাপক জালিয়াতিৰ অভিযোগ এনআৰচি(NRC)ৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাৰ (Prateek Hajela) বিৰুদ্ধে। দেশদ্রোহী শক্তিৰে মিতিৰালিৰে বিদেশীক ভাৰতীয়কৰণৰ ষড়যন্ত্ৰৰ নেতৃত্ব দিয়াৰ অভিযোগ তুলি হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এ পি ডব্লিউ (APW)ৰ সভাপতি অভিজিৎ শৰ্মাই ।
2.আৰক্ষীৰ গুলিত আহত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলাম
মহানগৰীৰ আজাৰাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। অভিযান কালত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ নগদ ২৬ লাখ টকা। জব্দ কৰা টেবলেটখিনিৰ মূল্য প্ৰায় ২.৫৫ কোটি টকা । এই অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলামক ।
3.সান্ধ্য আইন ভংগ কৰি আৰক্ষীৰ জালত 4 যুৱক
একাংশ অচেতন লোকে ভংগ কৰি আহিছে চৰকাৰী সকলো নীতি-নিৰ্দেশনা ৷ মঙলবাৰে নিশা ডিচিবি কলেজৰ সন্মুখত সান্ধ্য আইন ভংগ কৰি যোৰহাট আৰক্ষীৰ জালত পৰিল চাৰি যুৱক ৷ যুৱককেইজন ক্ৰমে চাৰফাজ হুছেইন, গৌতম বৰা, নুপুৰ গগৈ আৰু ৰোহন ঘোষ ৷
4.শিৱসাগৰত অত্যাধুনিক ক’ভিড চিকিৎসালয় উদ্বোধন
দেশত মহামাৰী কৰ’ণাৰ দ্বিতীয় লহৰে ভয়াৱহতাৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যতো কিছু জটিল হৈ পৰিছিল ক’ভিড পৰিস্থিতি ৷ তাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰৰ লগতে স্বাস্থ্য বিভাগে তৎপৰতা গ্ৰহণ কৰি ৰাজ্যৰ চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ বাবে উঠি-পৰি লাগিছে ৷ বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিশেষ ভূমিকা পালন কৰা দেখা গৈছে ৷ বুধবাৰে ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ শিৱসাগৰত (ONGC) অএনজিচিৰ উদ্যোগত নিৰ্মাণ কৰা অত্যাধুনিক চিকিৎসালয়খন উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই ৷
5.এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ
বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত হ’বলগা হৈছে চামগুৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম লৰিমুখত কেইবাখনো গাঁৱৰ জনসাধাৰণ ৷ সম্প্ৰতি অঞ্চলবাসীয়ে নৈ, খাল, বিলৰ পানী ব্যৱহাৰ কৰিবলগীয়া হোৱাত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷