অসম

assam

ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ খবৰ... - TOP 10 @ 3 PM

3 বজাৰ দহটা শীৰ্ষ খবৰ...

3 বজাৰ দহটা শীৰ্ষ খবৰ...
3 বজাৰ দহটা শীৰ্ষ খবৰ...

By

Published : Jun 22, 2021, 3:02 PM IST

চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ

নিয়া(NIA)ৰ বিশেষ আদালতত হোৱা আজিৰ শুনানিত অখিল গগৈৰ লগতে জগজিৎ গোহাঁই আৰু ভূপেন গগৈক দোষমুক্ত কৰিলে আদালতে। চাবুৱাৰ গোচৰৰ পৰা অখিল গগৈ মুক্ত হলেও ন্যায়িক জিন্মাতেই থাকিব লাগিব। চানমাৰি থানাৰ নিয়াৰ গোচৰটোত এতিয়াও জামিন পোৱা নাই অখিল গগৈয়ে। দুই-এদিনতে এই গোচৰৰ শুনানি হ'ব।

একনায়কত্ববাদ আৰু ফেচিবাদৰ পৰা ৰাইজ সাৱধান হওক: অখিল গগৈ

'নিয়া'(NIA)ৰ আদালতে আজি অখিল গগৈক চাবুৱা থানাৰ নিয়াই লোৱা গোচৰটোৰ পৰা দোষমুক্ত কৰে । ইফালে আদালত চৌহদত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই বিধায়ক অখিল গগৈৰ এখন পত্র সংবাদ মাধ্যমৰ আগত পাঠ কৰে।

ৰেচম উৎপাদন আৰু প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰিলে উৰ্খাউ গৌৰা ব্ৰহ্মই

ক'ভিড পৰিস্থিতিৰ মাজতে চিৰাঙৰ অতিকে ভিতৰুৱা গাঁও সুবাইঝাৰত থকা ৰেচম উৎপাদন আৰু প্ৰশিক্ষণ তথা পুলি বিতৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই ৷ কেন্দ্ৰটো পৰিভ্ৰমণ কৰি মন্ত্ৰী গৰাকীয়ে কয়. বৰ্তমানলৈকে চৰকাৰ হাতত কেন্দ্ৰটোৰ একো তথ্য নাই ৷ গতিকে তথ্য সংগ্ৰহ কৰি প্ৰয়োজনীয় কাংমখিনি কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

For The People, By The People ৰ প্ৰশংসনীয় পদক্ষেপ

নাহৰকটীয়াৰ For The People, By The People নামৰ সংগঠনটোৱে লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ সংগঠনটোৱে এমাহতকৈ অধিক দিন ধৰি কণ্টেইনমেন্ট জ'নত থকা লোক সকলক নিতৌ যোগান ধৰি আহিছে পুষ্টিকৰ আহাৰ ৷

ঘৰ মাটি ভেটি হেৰুৱাই দিশহাৰা মাজুলীৰ 12 হাজাৰ পৰিয়াল

মাজুলীত ব্ৰহ্মপুত্ৰ (Brahmaputra River)ৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ ইতিমধ্যে নদীখনৰ খহনীয়াত হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে ঘৰ মাটি ভেটি নদী খনত বিলীন হৈ গৈছে ৷ ফলত বহু পৰিয়ালে মঠাউৰিৰ ওপৰতে দূর্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷

ৰাজ্যত প্ৰথম দিনাই চাৰে তিনি লক্ষাধিক লোকৰ টীকাকৰণ

ক'ভিড আক্ৰান্তৰ হাৰ ১.৬৪ শতাংশলৈ হ্ৰাস ৷ টীকাকৰণ অভিযানক সফল কৰি তোলাৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ।

কৰ'ণাত বিধ্বস্ত সৰ্থেবাৰীৰ কাঁহ শিল্প

চীন, ভিয়েটনাম, জাপান, ভূটান, ম্যানমাৰ, থাইলেণ্ড আৰু নেপালৰ সৈতে প্ৰভূত ব্যৱসায়িক সম্পৰ্ক থকা সৰ্থেবাৰীৰ কাঁহশিল্পটোৰ প্ৰতি মহামাৰী কৰ'ণাই কঢ়িয়াইছে ভাবুকি ৷ কেৱল মাত্ৰ কাঁহ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি পেটৰ ভাত মোকোলোৱা সৰ্থেবাৰীৰ প্ৰায় তিনিশখন গঢ়শালৰ সৈতে জৰিত প্ৰায় দুহাজাৰ কাঁহশিল্পীৰ জীৱনলৈয়ো নামি আহিছে ভাবুকি ৷ অসম আৰু অসমীয়া জাতিৰ থলুৱা শিল্পৰ গৌৰৱময় ঐতিহ্য বহন কৰি অহা সৰ্থেবাৰীৰ কাঁহ শিল্পৰ শিল্পী সকল এতিয়া সন্মুখীন হৈছে তীব্ৰ আৰ্থিক সংকটৰ ৷

বিলাসী বাহনেৰে গৰু সৰবৰাহৰ নতুন কৌশল দুষ্টচক্ৰৰ

সান্ধ্য আইনৰ সুযোগ লৈ এতিয়া বিলাসী বাহনত মানুহৰ বদলি অনা হৈছে গৰু । লাহোৱালত আৰক্ষীৰ তালাচীত বিলাসী বাহনৰ ভিতৰত উদ্ধাৰ চোৰাং গৰু । দুটাকৈ গৰু চোৰক গ্ৰেপ্তাৰ ।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ত্ৰিপুৰাত বিকল্প পদ্ধতি গ্ৰহণ

ত্ৰিপুৰাত একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলে ভাগ্য নিৰ্ণয় কৰিব দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ । একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি চূড়ান্ত কৰা হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । শিক্ষা বিভাগৰ সিদ্ধান্তক লৈ অসন্তুষ্ট দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থী ।

বাৰ্ষিক অমৰনাথ যাত্ৰা বাতিল

একেৰাহে দ্বিতীয় বছৰৰ বাবে বাতিল অমৰনাথ তীৰ্থযাত্ৰা(Amarnath Yatra) ৷ জম্মু আৰু কাশ্মীৰ (JAMMU & KASHMIR)ৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই মঙলবাৰে টুইটযোগে সদৰী কৰে এই কথা ৷ কেৱল পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব অমৰনাথ যাত্ৰাৰ কাৰ্যসূচী ৷ কৰ'ণা মহামাৰীৰ বাবে যাত্ৰা বাতিল কৰা হৈছে ।

ABOUT THE AUTHOR

...view details