গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে
লখিমপুৰৰ গেৰুকামুখৰ এনএইচপিচি(NHPC) ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিলে মৰিয়নীৰ বিধায়ক গৰাকীয়ে ৷ এবাৰ দুবাৰ নহয়, চাৰিবাৰকৈ কংগ্ৰেছ দলৰ পৰা জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰা ৰূপজ্যোতি কুৰ্মীক যোৰহাট জিলা সমিতিয়ে দলীয় অংগবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনায় ৷
NHPCত অনুষ্ঠিত যোগ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্রহণ
শাৰীৰিক, মানসিক শান্তিৰ কামনাৰে যোগাভ্যাস মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সোমবাৰে লখিমপুৰৰ গেৰুকামুখস্থিত সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পত কেন্দ্রীয়ভাৱে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যোগাভ্যাসে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
বৰপথাৰৰ ঐতিহাসিক প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ
বৰপথাৰৰ দুৱৰণিৰ টেঙানী আলীচিঙাস্থিত ঐতিহাসিক কছাৰী ৰাজত্ব কালৰ ভগ্নাৱশেষ সমূহ পৰিদৰ্শন কৰিলে বিধায়ক বিশ্বজিৎ ফুকনে । এই ঐতিহাসিক প্ৰত্নতাত্বিক স্থানটো পৰিদৰ্শন কৰাৰ লগতে কেনেদৰে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব পাৰি সেই সন্দৰ্ভত বুজ লয় ৷
দিল্লী আনলক: সোমবাৰৰ পৰা খোলা থাকিব পাৰ্ক আৰু বাৰ
ৰাজধানী দিল্লীত বাৰ আৰু পাৰ্ক খোলাৰ অনুমতি দিল্লী চৰকাৰৰ ৷ 50 শতাংশ আসন ক্ষমতাৰে খোলা থাকিব পাৰিব ৰেষ্টুৰেন্ট আৰু বাৰসমূহ ৷ পুৱা দহ বজাৰ পৰা নিশা 8 বজালৈ সকলো বজাৰ, বজাৰ কমপ্লেক্স আৰু মল খোলাৰ বাবেও অনুমতি প্ৰদান ৷
ডিমা হাছাওত ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়া আৰম্ভ
ডিমা হাছাও জিলা (Dima Hasao District)তো স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ উদ্যোগত 21 জুনৰ পৰা 18 বছৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে ক'ভিড-19 প্ৰতিষেধক (COVID VACCINE) প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ সম্পূৰ্ণ ক'ভিড-19 প্ৰট'কল মানি জিলাখনৰ মুঠ 9 হাজাৰ লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰিব স্বাস্থ্য বিভাগে ।