ৰঙানদী প্ৰকল্পই এৰিলে পানী, চিন্তিত লখিমপুৰবাসী
বৃহস্পতিবাৰে পুনৰ ৰঙানদী প্ৰকল্পই পানী এৰি দিলে । লগে লগে বলিয়া ৰূপ ধাৰণ কৰিছে ৰঙানদীয়ে । ফেনে ফোটোকাৰে ওফন্দি উঠিছে নদীৰ জলপৃষ্ঠ । যাৰ বাবে নদীয়ে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।
যোৰহাট মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰীৰ আকস্মিক পৰিদৰ্শন
বৃহস্পতিবাৰে হঠাৎ যোৰহাট মেডিকেল কলেজ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ অধিক তৎপৰতাৰে ক’ভিড বিৰোধী যুদ্ধখনত স্বাস্থ্যবিভাগৰ কৰ্মীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷
ধিঙৰ দৈনিক বজাৰত ধোঁৱা চাঙত উঠিল ক’ভিড প্ৰট’কল
ধিঙৰ দৈনিক বজাৰত একাংশ লোকে ক’ভিড প্ৰট’কলক বুঢ়া আঙুলি দেখুৱাই কৰি গৈছে বেপাৰ বাণিজ্য ৷ যাক লৈ সংকিত ধিং বাসী ৷
চৰকাৰলৈ নৰৈ ডেপি নদীৰ গৰাখহনীয়া ৰোধৰ বাবে ওলাই আহিল ৰাইজ
কৰ’ণাৰ ভয়াৱহতা পাহৰি এখন গাঁৱৰ ৰাইজ হাতে কামে লাগিল বান প্ৰতিৰোধ কৰাত ৷ বহু বছৰ ধৰি চৰকাৰৰ পৰা উপেক্ষিত ৰাইজৰ এই প্ৰচেষ্টাও যে সুৰক্ষিত তাৰ কোনো নিশ্চয়তা নাই ৷ শেষ আশা হিচাপে, চৰকাৰৰ হস্তক্ষেপৰ আহ্বান জনাইছে ৰাইজে ৷
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ক’ভিড নীতিৰ চূড়ান্ত অৱমাননা
গেৰুকামুখস্থিত নিৰ্মীয়মান নামনি সোৱণশিৰিৰ জলবিদ্যুত প্ৰকল্পত সংঘটিত হৈছে ক’ভিড নীতিৰ চূড়ান্তভাৱে অৱমাননাৰ ঘটনা ৷ আংশিক লকডাউনৰ মাজতে শ্ৰমিকক কামত লগোৱাৰ লগতে ক’ভিড নীতিৰো উলংঘা কৰাৰ অভিযোগ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দায়িত্বত থকা পেটেল কোম্পানীৰ বিৰুদ্ধে ৷ সম্প্ৰতি এই ঘটনাৰ প্ৰতিক্ৰিয়াত দল সংগঠন আৰু সচেতন মহলে প্ৰশাসনৰ সহায় বিচাৰিছে ৷