অসম

assam

3 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : May 25, 2021, 3:04 PM IST

3 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 3 PM
3 বজাৰ দহটা শীৰ্ষ বাতৰি

গ্ৰেপ্তাৰ কৰা ৰাইজৰ দলৰ সদস্যক মুকলি

শিৱসাগৰ আৰু শিমলুগুৰি আৰক্ষীয়ে সোমবাৰে নিশা আটক কৰা জাতীয় সংগঠন আৰু ৰাইজৰ দলৰ চাৰিওগৰাকী যুৱ নেতাক মঙলবাৰে পুৱা প্ৰায় 10 বজাত মুকলি কৰি দিয়ে আৰক্ষীয়ে । কোনো কাৰণ নোহোৱাকৈ জাতীয় সংগঠন কেইটাৰ প্ৰতিনিধিক আটক কৰা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷

মীন পালনেৰে স্বাৱলম্বীতাৰ নিৰ্দশন উমানন্দৰ

টিংখাঙৰ উমানন্দ চুতীয়া নামৰ যুৱকজনে মীন পালনেৰে দেখুৱাইছে স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন ৷ বিগত তিনিবছৰ পূৰ্বে কম মূলধন আৰু কম ভূমিত মৎস্য পালনৰ কাম আৰম্ভ কৰিছিল উমানন্দ নামৰ যুৱকজনে ।

অৰুণাচলক চীনৰ অংশ বুলি কৈ গ্ৰেপ্তাৰ লুধিয়ানাৰ ইউ টিউবাৰ

শেহতীয়াকৈ লুধিয়ানাৰ পাৰশ নামৰ ইউ টিউবাৰজনে অৰুণাচল প্ৰদেশক চীনৰ অংশ বুলি বৰ্ণনা কৰি এটা ভিডিঅ' পোষ্ট কৰিছিল । মুখ্যমন্ত্ৰীৰ বিষয়েও বিতৰ্কিত মন্তব্য কৰিছিল ইউ টিউবাৰজনে । যাৰ বাবে অপৰাধ শাখাই বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পাৰশৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে ।

অসামাজিক কাৰ্য-কলাপৰ ঘাটিলৈ ৰূপান্তৰ ঢাকানাবাৰীৰ উপ স্বাস্থ্যকেন্দ্ৰ

পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে ঢাকানাবাৰীৰ উপ স্বাস্থ্যকেন্দ্ৰ ৷ 2014-2015 চনত স্থাপন হোৱা উপ স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান মদ-জুৱাৰ ঘাটিলৈ ৰূপান্তৰিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

চকুলো টুকি মুখ্যমন্ত্ৰীক কি আহ্বান কৰিলে মাদ্ৰাছা টেট উত্তীৰ্ণই

টেট পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাচতো চৰকাৰে ৰাজ্যৰ প্ৰায় চাৰি হাজাৰ মাদ্ৰাছা টেট উত্তীৰ্ণক নিযুক্তি নিদিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকলে ৷

পিআৰএলৰ পৰা নিৰ্গত ক'লা ধোঁৱাত আতংকিত ৰাইজ

নগাঁৱৰ পুৰণিগুদামৰ কাষৰ গাঁৱত অৱস্থিত পিআৰএলৰ পৰা নিৰ্গত ক'লা ধোঁৱাৰ বাবে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম খোদিত বাইকাৰ বেদ প্ৰকাশৰ

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত উজ্বলিল শিলচৰ তাৰাপুৰৰ বাইকাৰ বেদ প্ৰকাশ ৷ শিশুৰ সুৰক্ষা আৰু শিশু নিৰ্যাতন ৰোধৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ বাইকাৰ গৰাকীয়ে আৰম্ভ কৰিছিল সজাগতা অভিযান ৷

মুছলপুৰত ক’ভিড শ্মশান নিৰ্মাণক লৈ তীব্ৰ উত্তেজনা

বাক্সা জিলাৰ সদৰ মুছলপুৰৰ অহোপাত তীব্ৰ উত্তেজনা ৷ ক’ভিড শ্মশান নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিল তিনি শতাধিক লোক ৷

ডিগবৈত নিচাযুক্ত ড্ৰাগছ ভাং আৰু নগদ ধন সহ তিনিজন লোকক আটক

ডিগবৈ চাৰিআলিত আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাযুক্ত ড্ৰাগছ, ভাং , নগদ ১ লাখ ৮০ হাজাৰ টকাসহ আটক কৰিলে তিনিজন লোকক ৷ ধৃত লোক কেইজনে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি সমাজৰ এচাম যুৱ প্ৰজন্মৰ জীৱনলৈ কাল অমানিশা নমাই অনাৰ লগতে সমগ্ৰ ডিগবৈ চহৰখনতেই সন্ত্ৰাস সৃষ্টি কৰি ৰাখিছিল ৷

ক’ভিড সম্পৰ্কত চৰকাৰৰ স্থিতি স্পষ্টৰ নিৰ্দেশ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ

ত্ৰিপুৰা চৰকাৰক মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিবলৈ ৰাজ্যখনে চলোৱা প্ৰস্তুতি সন্দৰ্ভত এসপ্তাহৰ ভিতৰত জবাবদিহি হোৱাকৈ জাননী প্ৰদান কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৷ অধিবক্তা ভাস্কৰ দেৱবৰ্মাৰ দ্বাৰা দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৷

ABOUT THE AUTHOR

...view details