অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই
অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ দেহাৱসান । সোমবাৰে পুৱা গুৱাহাটীৰ এপল’ হাস্পতালত মৃত্যু হয় পৰিচালকগৰাকীৰ । দাৰা আহমেদৰ জ্যেষ্ঠ ভনীয়েক তথা বিশিষ্ট সাহিত্যিক, গীতিকাৰ এলি আহমেদে জনোৱা মতে, দেওবাৰে দুপৰীয়া ভাগত ভাত খাই উঠাৰ পাচতেই হঠাৎ বুকুত বিষ অনুভৱ কৰাত ততালিকে তেওঁক এপল’ হাস্পতালক ভৰ্তি কৰোৱা হয় ৷ চিকিৎসকে লগে লগে আইচিইউত ভৰ্তি কৰে পৰিচালকগৰাকীক ।
নপতা ফুকনৰ জন্ম নিদিব : বিধানসভাত মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ
পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰখনে বিৰোধী পক্ষক সদায় অৱহেলা কৰিয়েই চলিছিল । আনকি হিতাধিকাৰী বাচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰালৈকে সকলোতে বিৰোধীক এৰাই চলা হৈছিল আৰু এচাম নপতা ফুকনৰ জন্ম দিয়া হৈছিল । এইবাৰৰ চৰকাৰখনে যাতে বিৰেধীক বিশ্বাস আৰু আস্থাত লয় আৰু তেনেধৰণৰ নপতা ফুকনৰ জন্ম নিদিয়ে । বিধানসভা অধিবেশনৰ অন্তিম দিনা সদনৰ মজিয়াত সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
কেৰালাৰ পৰা অহা 9 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি
দেওবাৰে কেৰালাৰ পৰা আহি জাগীৰোড ৰে’ল ষ্টেচনত উপস্থিত হোৱা যুৱকসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ ৷ মৰিগাঁৱৰ তৰুণৰাম খেলপথাৰত আৰক্ষীয়ে উদ্ধাৰ কৰা 140 জন লোকৰ কৰি থকা হৈছে ক'ভিড পৰীক্ষণ ৷ বৰ্তমানলৈকে 9 জনকৈ লোকৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷
জাগীৰোড ষ্টেচনৰ পৰা পলাতক 32 যাত্ৰীৰ ক’ভিড পৰীক্ষা সম্পন্ন
দেওবাৰে জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰা যাত্ৰীসকলৰ ভিতৰত 32 গৰাকী যাত্ৰীক চিনাক্ত কৰি সোমবাৰে ক’ভিড পৰীক্ষা কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ ইয়াৰে ভিতৰত দুগৰাকী ক’ভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷
বাক্সাত পুনৰ অস্ত্ৰসহ যুৱকক গ্ৰেপ্তাৰ
বাক্সাত পুনৰ অস্ত্ৰসহ এজন যুৱকক কৰায়ত্ত আৰক্ষীৰ ৷ দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বৰমা আৰক্ষী, সেনা বাহিনী আৰু চিআৰপিএফে যৌথ অভিযান চলাই আলাগঝাৰৰ ভৱেশ বৰ্মন নামৰ এজন যুৱকক কৰায়ত্ত কৰে ৷ অভিযানকাৰী দলটোৱে যুৱকজনৰ পৰা উদ্ধাৰ কৰে এটা ৭.৬৫ পিষ্টল, দুটা মেগজিন আৰু ৭ জাঁই সজীৱ গুলী ৷