অসম

assam

By

Published : May 19, 2021, 3:04 PM IST

ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 3 pm
বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

নাৰদা কেলেংকাৰী: মুকুল ৰয় আৰু পোদ্দাৰৰ বিৰুদ্ধে কোনো তথ্য নাপালে চিবিআইয়ে

2014 চনৰ নাৰদা ষ্টিং টেপ গোচৰত অভিযুক্ত মুকুল ৰয় আৰু অপৰুপা পোদ্দাৰৰ বিৰুদ্ধে চিবিআইৰ হাতত এতিয়ালৈকে কোনো তথ্য আহি পৰা নাই ৷ ইফালে দুবছৰ ধৰি লোকসভাৰ অধ্যক্ষৰ ওচৰত বিচাৰাধীন হৈ আছে শুভেন্দু অধিকাৰীকে ধৰি অন্য চাৰি গৰাকীৰ বিৰুদ্ধে গোচৰ চলাবলৈ বিচৰা অনুমোদন ৷

অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

দিল্লী, মহাৰাষ্ট্ৰৰ লগতে দক্ষিণ ভাৰতত ক'ভিডৰ সমান্তৰালকৈ "ব্লেক ফাংগাছ" বা লিউক'ৰমাইক'ছিছ নামৰ ভয়ংকৰ ৰোগবিধে তাণ্ডৱ সৃষ্টি কৰাৰ পিছত অসমতো ধৰা পৰিছে এই ৰোগত আক্ৰান্ত প্ৰথমজন ৰোগী ।

নিৰ্মাণত গাফিলতি: এজাক বৰষুণতে খহিল পানপুৰ মথাউৰিৰ কাৰ্পেট

বিশ্বনাথৰ চতিয়া তথা জামুগুৰিহাটৰ ৰক্ষাকৱচ বিশ্বনাথ ঘাট পানপুৰ মথাউৰিত খহনীয়া ৷ এজাক বৰষুণতেই 14 কোটি টকা আঁচনিৰ জিঅ’ বেগৰ কাৰ্পেট খহিছে মথাউৰিটোত ৷ সম্পূৰ্ণ বাৰিষা পৰাৰ পূৰ্বে খহনীয়া ৰোধৰ ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট বিভাগক আহ্বান আমছুৰ লগতে স্থানীয় ৰাইজৰ ৷

যোৰহাটত আটক ভূৱা দণ্ডাধীশ

দীৰ্ঘদিন ধৰি নিজকে তিতাবৰৰ দণ্ডাধীশ অনিৰ্বাণ দত্ত বুলি চিনাকী দি অৱশেষত আৰক্ষীৰ জালত পৰিল বিশ্বজিৎ দত্ত নামৰ এজন ভূৱা দণ্ডাধীশ ৷ বিগত বৰ্ষত নিজকে চিকিৎসক বুলি চিনাকী দি আৰক্ষীৰ জালত পৰিছিল যুৱকজন ৷

স্বয়ং কৰ’ণা ৰোগীয়ে গামোচা পিন্ধালে মুখ্যমন্ত্ৰীক

কৰ’ণাৰ ভয়াৱহতাৰ মাজতে মাজুলীত সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা ৷ ঘটনাটো সংঘটিত হৈছিল বিগত 13 মে’ত ৷ উক্ত দিনটোতে মাজুলীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাক গামোচা পিন্ধাইছিল হোম কোৱাৰেণ্টাইনত থকা এগৰাকী কৰ’ণা ৰোগীয়ে ৷

শোণিতপুৰত সংখ্যালঘুৰ ভূমি উচ্ছেদ সন্দৰ্ভত আমছুৰ প্ৰতিক্ৰিয়া

চিৰাঙৰ বিজনীত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ক’ভিড সংকটৰ মাজতে শোণিতপুৰত চৰকাৰে কৰা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ৷ শোণিতপুৰত কোনো সন্দেহজনক নাগৰিক নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

নাৰায়ণপুৰ থানাৰ পৰা হেণ্ডকাফ খুলি চোৰৰ পলায়ন

হেণ্ডকাফ লগাই থোৱা অৱস্থাতে থানাৰ পৰা গভাইত চোৰে কৰা পলায়নে নাৰায়ণপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নাৰায়ণপুৰ থানাত সংঘটিত হেণ্ডকাফ খুলি আচামীয়ে পলায়ন কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

মৰ্মান্তিক: পুত্ৰৰ সন্মুখতে ডকাইতে প্ৰাণ কাঢ়িলে পিতৃ-মাতৃৰ

বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ পাইকানডাৰা 2য় খণ্ড গাঁৱত মঙলবাৰে নিশা সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ কণমানি পুত্ৰ সন্তানৰ সন্মুখতে ডকাইতৰ দলে হত্যা কৰিলে পিতৃ-মাতৃক ৷ লুটি নিলে নগদ ধনসহ সোণ-ৰূপৰ আ-অলংকাৰ ৷

গুজৰাটত টাউতেৰ ধ্বংসলীলা: 45 জনৰ মৃত্যু

টাউতেৰ সংহাৰত গুজৰাটত প্ৰাণ হেৰুৱালে 45 জনকৈ লোকে ৷ গুজৰাটৰ ভিন্ন প্ৰান্তত বৈদ্যুতিক খুঁটা, গছ-গছনি উভালি পৰাৰ লগতে ঘৰৰ দেৱাল আৰু চাল খহি দুৰ্ভাগ্যজনক মৃত্যুক সাৱটিলে বহুকেইজন লোকে ৷ আকাশমাৰ্গেৰে পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

টাউতে: আৰৱ সাগৰৰ পৰা 314 জনক উদ্ধাৰ

আৰৱ সাগৰত এক বৃহৎ অনুসন্ধান তথা উদ্ধাৰ অভিযান চলাই ভাৰতীয় নৌসেনা (আইএন) আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনী (আইচিজি)-এ টাউতেৰ ফলত দুখনকৈ নাৱত আৱদ্ধ হৈ মৃত্যুৰ সৈতে যুঁজ দিয়া 314 গৰাকী লোকক উদ্ধাৰ কৰে ৷ মঙলবাৰে বিভাগীয় বিষয়াসকলে এই কথা সদৰী কৰিছে ৷

ABOUT THE AUTHOR

...view details