অসম

assam

ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

top-10-at-3-pm
বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : May 10, 2021, 3:02 PM IST

ৰহস্যজনক ভাৱে গংগা নদীত ওপঙিছে অৰ্ধশতাধিক মৃতদেহ

বিহাৰৰ বখাৰ জিলাৰ গংগা নদীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে অৰ্ধশতাধিক মৃতদেহ ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিহাৰ প্ৰশাসনে ইতিমধ্যে কেইবাজনো উচ্চ প্ৰদস্থ বিষয়াক মৃতদেহসমূহৰ তদন্তৰ বাবে প্ৰেৰণ কৰিছে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কাৰ্যসূচীৰ অন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক টুইটযোগে প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ বিগত পাঁচ বছৰত সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক দিয়া অৱদান অতুলনীয় বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ ৷

শোণিতপুৰৰ চিৰাজুলি চেন্ট্ৰেল বেংকত ডকাইতি

শোণিতপুৰৰ চিৰাজুলি চেন্ট্ৰেল বেংকত ডকাইতি কাণ্ড ৷ তিনি অস্ত্ৰধাৰী লোকে অস্ত্ৰ দেখুৱাই লুটি নিয়ে বেংকৰ ধন ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

শপত গ্ৰহণৰ পূৰ্বে ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত উপস্থিত ড৹ হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে নিজ সমষ্টি জালুকবাৰীৰ শুৱালকুছিস্থিত ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত উপস্থিত হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ভালেসংখ্যক শুভাকাংক্ষী তথা দলীয় কৰ্মকৰ্তাই সংগ দিয়া সমষ্টিবাসীৰ হিয়াৰ আমঠু শৰ্মাই আশীৰ্বাদ ল'লে সত্ৰাধিকাৰৰ ৷ সম্পূৰ্ণ ক'ভিড নীতি পালন কৰি সত্ৰাধিকাৰৰ আশীৰ্বাদ ল'লে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

শিৱসাগৰৰ দিখৌমুখত ধুমুহাৰ তাণ্ডৱ

দেওবাৰে নিশা শিৱসাগৰৰ দিখৌমুখত ধুমুহাৰ তাণ্ডৱ ৷ বিধ্বংশী ধুমুহাই ভাঙিলে বহু পৰিয়ালৰ বাসগৃহ । ধুমুহাৰ ফলত গৃহহীন বহুকেইটা পৰিয়াল ৷ দিখৌমুখৰ তেলিয়াডোঙা, ২ নং আলিমুৰ, চিন্তামণি গড়চুক আদি এলেকাত ধুমুহাই বহু পৰিয়াল বিধ্বস্ত কৰে ৷

সোমবাৰৰ পৰা অৰুণাচল প্ৰদেশত সাত-দিনীয়া ল’কডাউন

সোমবাৰৰে পৰা অহা ১৭ মে’ লৈ সাত দিনৰ বাবে অৰুণাচল প্ৰদেশত ল’কডাউন ঘোষণা ৷ ইটানগৰ কেপিটেল জ'নৰ অন্তৰ্গত কেপিটেল কমপ্লেক্স (ইটানগৰ), নাহৰলগুন, নিৰজুলি আৰু বান্দৰদেৱা লৈকে এই ল’কডাউনৰ প্ৰভাৱ পৰিছে ৷

১৪ খন ৰাজ্যলৈ কোভেক্সিনৰ পোনপটীয়া যোগান ভাৰত বায়'টেকৰ
ভাৰতৰ ১৪ খন ৰাজ্যলৈ পোনপটীয়াভাৱে কোভেক্সিনৰ যোগান ধৰিছে ভাৰত বায়'টেকে । ভাৰত বায়'টেকৰ যুটীয়া পৰিচালন সঞ্চালিকা সুচিত্ৰা এলাৰ মতে, প্ৰতিষ্ঠানটোৱে অন্ধ্ৰ প্ৰদেশ, অসম, ছট্টিশগড়, গুজৰাট, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, ওড়িশা, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগক ক'ভিড-১৯ৰ প্ৰতিষেধক কোভেক্সিন যোগান ধৰিছে ।

3 দিনৰ ভিতৰত প্ৰতি ৰাজ্যক ৯ লাখতকৈও অধিক প্ৰতিষেধক যোগান ধৰিব কেন্দ্ৰই

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে, বৰ্তমানেও এক কোটিৰো অধিক ক'ভিড প্ৰতিষেধকৰ পালি মজুত আছে । দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহে অহা তিনি দিনৰ ভিতৰত ৯ লাখতকৈও অধিক অতিৰিক্ত পালি লাভ কৰিব ।

যোধপুৰস্থিত আই আই টিৰ ২৮ জন শিক্ষাৰ্থী ক'ভিড-১৯ত আক্ৰান্ত

ক'ভিড-১৯ মহামাৰীৰ কবলত পৰিছে যোধপুৰস্থিত আই আই টিৰ এজনৰ পিছত আনজন শিক্ষাৰ্থী । যোৱা সপ্তাহত শিক্ষানুষ্ঠানখনত পাঠ গ্ৰহণ কৰিবলৈ অহাৰ পিছতে ২৮ গৰাকী শিক্ষাৰ্থী কৰ'ণা আক্ৰান্ত হয় । মহামাৰীত আক্ৰান্ত শিক্ষাৰ্থীসকলক বৰ্তমান শিক্ষানুষ্ঠান চৌহদৰ ভিতৰৰে এটা ছাত্ৰাবাসত থাকিবলৈ দিয়া হৈছে ।

দিল্লীৰ সৰোজ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসকৰ মৃত্যু

কৰ'ণাযোদ্ধা হিচাপে দিনে-নিশাই ক'ভিড ৰোগীক সেৱা আগবঢ়াই নিজেই প্ৰাণ হেৰুৱাবলগীয়া হ'ল দিল্লীৰ সৰোজ ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ এগৰাকী চিকিৎসকে । লগতে হাস্পতালখনৰ মুঠ ৮০ গৰাকী স্বাস্থ্য কৰ্মী মহামাৰীত আক্ৰান্ত হৈছে ।

ABOUT THE AUTHOR

...view details