কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং
কৰ’ণাত আক্ৰান্ত হৈছে ড'নাৰ মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং ৷ মঙলবাৰে টুইট যোগে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
হনুমানৰ জন্মস্থানৰ ৰহস্য ফাদিল কৰিব ভাৰতৰ এটা স্বতন্ত্ৰ ন্যাসে
হিন্দু ধৰ্মৰ এগৰাকী দেৱতা হনুমানৰ অস্তিত্বকলৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ এটা বিখ্যাত ন্যাসৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে । কাৰণ তিৰুমালা তিৰুপতি দেৱাস্তানাম (টিটিডি)য়ে অতিশীঘ্ৰে ঘোষণা কৰিব ভগৱান হনুমান জন্মস্থান ।
উত্তপ্ত পৰিস্থিতি: ডবকা টোলগেট ঘেৰাও গাড়ী চালকৰ
মঙলবাৰে পুৱাই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ডবকা টোলগেটত ৷ ট্ৰেভেলাৰ চালকক বাংলাদেশী আখ্যা দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি ৷
গোৱালপাৰাত পুনৰ ১৯ গৰাকী ক’ৰণাত আক্ৰান্ত
গোৱালপাৰাত মঙলবাৰে ১৯ জন লোক ক’ৰণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, আজি ১,৫৬৫ গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট আৰু ২৯৪ গৰাকী লোকক আৰটিপিচিআৰ টেষ্ট কৰা হয় ৷ ইয়াৰে ১৯ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-১৯ পজিটিভ ।
মৃতদেহ কঢ়িওৱা বাহনৰ সৈতে ফটো উঠি সমালোচিত বিজেপি নেতা
শ্মশানলৈ মৃতদেহ কঢ়িয়াই নিয়া নতুন বাহন উদ্বোধনৰ সময়ত ফটো উঠি সমালোচিত হ'ল মধ্য প্ৰদেশৰ ভূপালৰ এগৰাকী বিজেপি নেতা । দৰাচলতে বিজেপিৰ ৰাজ্যিক উপ-সভাপতি আলোক শৰ্মাই ভূপালৰ বিভিন্ন চিকিৎসালয়ৰ বাবে শ্মশানলৈ মৃতদেহ কঢ়িয়াই নিয়া ৭ খন বাহনৰ সেৱা উদ্বোধন কৰে । ইয়াৰ পিছতে নতুন বাহনখন আৰু আন কৰ্মীসকলক লগত লৈ ফটো উঠিছিল শৰ্মাই আৰু ফটোখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।