পত্নী-পুত্ৰক লগত লৈ ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ মুঠ 204414 গৰাকী ভোটাৰে ভাগ্য নিৰ্ধাৰণ কৰিবলগীয়া অতি চৰ্চিত সমষ্টি জালুকবাৰী সমষ্টিত পত্নী আৰু পুত্ৰৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাতিপুৱাৰে পৰা ভোটাৰৰ পাৰভঙা উচাহৰ মাজতে ভোটাৰৰ দীঘলীয়া শাৰীত থিয় হৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী গৰাকীয়ে ৷
অসম বিজেপি আৰু নিৰ্বাচন আয়োগক তীব্ৰ সমাোলচনা প্ৰিয়ংকা গান্ধীৰ
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও তীব্ৰ সমালোচনা কৰে শাসকীয় দল বিজেপিক । অসমৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগক দায়িত্বহীন আখ্যা দিয়াৰ লগতে বিজেপিয়ে নেতিবাচক ৰাজনীতি খেলি থকাৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ । লগতে তেওঁৰ দাবী যে, অসমৰ ৰাইজে উন্নয়ন আৰু প্ৰগতিৰ বাবে দিয়া গেৰাণ্টিৰ পথ বাচি ল'ব ।
ভোটদান সাব্যস্ত কৰিলে বকোৰ দুই প্ৰাৰ্থী নন্দিতা-জ্যোতিপ্ৰসাদে
ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মঙলবাৰে পুৱাৰে পৰা বকো সমষ্টিত ক'ভিড প্ৰট'কল আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ আনকি বকো সমষ্টিত থকা ৮ টা দূৰণিবটীয়া পাহাৰৰ ভোট কেন্দ্ৰটো আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷
ক'ভিড-১৯ কলৈ সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ নগাঁও স্বাস্থ্য বিভাগৰ
নৰ ক'ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ শংকিত হৈছে সচেতন মহল। ক'ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সজাগ আৰু সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগে। ৰেপিড এন্টিজেন টেষ্টৰ সহায়ত ৰাজহুৱা স্থানত ক'ভিড-১৯ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে নগাঁও স্বাস্থ্য বিভাগে। মঙলবাৰৰ পৰা স্বাস্থ্য বিভাগৰ এটা দলে চহৰখনৰ বাছ আস্থানসমূহত আৰম্ভ কৰিছে কৰ'ণা পৰীক্ষা। মঙলবাৰে ৰূপহীহাট ছিণ্ডিগেটত কৰ'ণা পৰীক্ষা আৰম্ভ কৰে স্বাস্থ্য বিভাগে। যাত্ৰীবাহী বাহনৰ চালক, হেণ্ডিমেনৰ লগতে সাধাৰণ যাত্ৰীৰো কৰা হৈছে কৰ'ণা পৰীক্ষা ৷
মিত্ৰজোঁট তথা বিজেপি প্ৰাৰ্থী শ্বহিদুল ইছলামৰ ভোটাধিকাৰ সাব্যস্ত
অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে মুঠ 12 খন জিলাৰ 40 টা সমষ্টিত ৷ 44 নং জনীয়া বিধানসভা সমষ্টিত মুঠ 79,19,641 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ সমষ্টিটোত পূৱা 6 বজাৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া ভোটাৰৰ শাৰী লগতে ভোটাৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ৷ মিত্ৰজোঁটৰ তথা বিজেপিৰ প্ৰাৰ্থী শ্বহিদুল ইছলামে ভোটাধিকাৰ সাব্যস্ত কৰি অসমৰ জনগণে উন্নয়নৰ স্বাৰ্থত ভোট দান কৰিব আৰু ইছলামে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সকলো স্তৰৰ ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।