অসম

assam

ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 3 PM

3 বজাৰ দহটা শীৰ্ষ বাতৰি

3 বজাৰ দহটা শীৰ্ষ বাতৰি
3 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Mar 31, 2021, 3:37 PM IST

বিজেপিলৈ মুকলি সমৰ্থন চিলাৰায় উন্নয়ন মঞ্চৰ

চিৰাঙত চিলাৰায় উন্নয়ন মঞ্চৰ সংবাদমেল ৷ নিৰ্বাচনত বিজেপি দললৈ মুকলি সমৰ্থন সংগঠনটোৰ ।

সতীৰ্থক নিৰ্বাচনী কাম আগবঢ়াবলৈ আহ্বান লুৰিণৰ

মাতৃৰ কাষৰ পৰাই দলীয় কৰ্মীক যুদ্ধংদেহী ৰূপত নিৰ্বাচনী কাম-কাজ আগবঢ়াই লৈ যোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ । আজিও অপৰিৱৰ্তিত হৈ আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈৰ স্বাস্থ্যৰ অৱস্থা । ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ নাৰ্চিংহোম সঞ্জীৱনী হাস্পতালৰ আইচিইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে লুৰিণৰ মাতৃ ।

কংগ্ৰেছক ভোটদানৰ বিৰোধিতা সদৌ অসম হিন্দু-বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ

কংগ্ৰেছক ভোটদানৰ বিৰোধিতা সদৌ অসম হিন্দু-বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ৷ বিজেপি চৰকাৰৰ প্ৰতি মুকলি সমৰ্থন সংগঠনটোৰ ৷

ৰাজনৈতিক দলসমূহে ৰাজ্যক আগুৱাই নিয়াত ব্যৰ্থ হৈছে !

চিৰাঙৰ কাজলগাঁও প্ৰেছ ক্লাবত ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী সুজিত কুমাৰ ৰায়ৰ সংবাদমেল সম্বোধন । ডি ভোটাৰ, ডিটেনচন কেম্প, এনআৰচিক লৈ কাম কৰাৰ প্ৰতিশ্ৰুতি ৰায়ৰ ।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণঃ ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা নিৰ্বাচনী বিষয়া

অহা ১ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু ডিমা হাছাও জিলা প্ৰশাসন । হাফলং সমষ্টিৰ ১০২টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত নিৰ্বাচনী বিষয়াসকলে মঙলবাৰে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰ অভিমুখে ৰাওনা হয় । বুধবাৰে বাকী ১৪৪টা ভোটগ্ৰহণ কেন্দ্ৰলৈ যাব নিৰ্বাচনী বিষয়াসকল ।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ কংগ্ৰেছৰ

মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্বক অযোগ্য ঘোষণাৰ দাবী কংগ্ৰেছৰ ৷ মন্ত্ৰী ড৹ শৰ্মাই হাগ্ৰামা মহিলাৰীক জেললৈ প্ৰেৰণ কৰাৰ কথা ৰাজহুৱাকৈ কৈ নিয়া-ৰ তদন্তৰ আওতালৈ অনাৰ ভাবুকি স্বৰূপ বক্তব্যৰ পাছতে মুখ্য নিৰ্বাচন আয়ুক্তক অভিযোগ পত্ৰ দাখিল কৰে কংগ্ৰেছে ৷

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নগাঁও প্ৰশাসন

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে নগাঁও জিলা প্ৰশাসন ৷ নগাঁৱৰ ৰহা, বঢ়মপুৰকে ধৰি নগাঁও সদৰ সমষ্টিৰ বাবে দ্বিতীয় পৰ্যায়ত হ'ব ভোটগ্ৰহণ ৷ নগাঁও সদৰ সমষ্টিত মুঠ 1,87,433 গৰাকী ভোটাৰৰ বিপৰীতে স্থাপন কৰা হৈছে 266 টা ভোটকেন্দ্ৰ ৷ ৰহা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 2,17,582 জন আৰু ভোটকেন্দ্ৰ 306 টা ৷ একেদৰে বঢ়মপুৰ বিধানসভা সমষ্টিটো মুঠ 1,77,181 জন ভোটাৰৰ বিপৰীতে স্থাপন কৰা হৈছে 258 টা ভোটকেন্দ্ৰ ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন: ৩৪ গৰাকীয়ে দাখিল কৰিলে মনোনয়ন

সমগ্ৰ ৰাজ্য এতিয়া আক্ৰান্ত নিৰ্বাচনী জ্বৰত ৷ অসম বিধানসভাৰ নিৰ্বাচনৰ লেখীয়াকৈ পূৰ্ণ প্ৰস্তুতি চলিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ 34 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ৷

বিজেপিক ভোট দিবলৈ সংবাদমেলযোগে আহ্বান

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ চকচকা ব্লক মণ্ডলৰ সভাপতি ছাহজাহান আলীৰ মঙলবাৰে নিশা সৰভোগ সমষ্টিৰ কলহভঙাত সংবাদমেল সম্বোধন ৷ মুছলমান লোকক বিজেপিক ভোট প্ৰদান কৰিবলৈ আহ্বান ছাহজাহান আলীৰ ৷

মন্ত্ৰিত্বৰ প্ৰসংগ: আজমল জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড নহয়

সৰুক্ষেত্ৰীত মঙলবাৰে এ আই ইউ ডি এফ দলৰ সভাপতি বদৰউদ্দিন আজমলৰ মন্তব্যক প্ৰত্যুত্তৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ ৷ বদৰুদ্দিন আজমল জাকিৰ হুছেইন শিকদাৰৰ হাইকামাণ্ড নহয় বুলি কটাক্ষ শিকদাৰৰ ৷

ABOUT THE AUTHOR

...view details