আদালতলৈ প্ৰেৰণ JEE কাণ্ডৰ 5 অভিযুক্তক
আদালতলৈ প্ৰেৰণ কৰা হৈছে JEE পৰীক্ষা কাণ্ডত জড়িত অভিযুক্তসকলক ৷ বুধবাৰে নিশা আটাইকেইজনক JEE কেলেংকাৰীৰ সন্দৰ্ভত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে ।
লাহোৱালত চাহ শ্ৰমিকৰ প্ৰতিবাদ
কাঁহি-বাতি বজাই প্ৰতিবাদ সাব্যস্ত লাহোৱালৰ চাহ শ্ৰমিকসকলৰ ৷ বিজেপিৰ দলীয় সভাৰ পৰা কিছু নিলগত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাপ্যৰ পৰা বঞ্চিত মটক চাহ বাগিচাৰ শ্ৰমিকসকলে ৷
মাৰ্ঘেৰিটাত কাৰ নিৰ্দেশত চলিছে ভূমি বেদখল !
ভূমি বেদখলৰ দৰে ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত ৷ ক’ল ইণ্ডিয়াৰ নামত অধিকৃত ভূমি এইবাৰ বেদখল কৰিছে কোনো দুষ্টচক্ৰই ৷ কেৱল বেদখল কৰাতে ক্ষান্ত নাথাকি উক্ত ভূমিত বহু সন্দেহজনক লোকে নিৰ্মাণ কৰিছে অবৈধ বাসগৃহ ৷
ভাৰতত 80 লক্ষাধিকৰ সীমা অতিক্ৰম কৰিলে কৰ’ণা আক্ৰান্তই
ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 80,40,203 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 73,15,989 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷
গোলাঘাটৰ ৰাজপথত আৰক্ষীৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন
গোলাঘাটৰ ৰাজপথত 21 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ ভাৰতীয় আৰক্ষী পতাকা দিৱস পালন গোলাঘাট আৰক্ষীৰ ৷ আৰক্ষী বিষয়া উৎপল চেকনিধৰাই আঁত ধৰিছে এই সাংস্কৃতিক অনুষ্ঠানৰ ৷