অসম

assam

ETV Bharat / state

বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি - বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি

বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি

Top 10 at 3 pm
বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Oct 24, 2020, 3:01 PM IST

বিজেপি শাসন ওফৰাই গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন

দুদিনীয়া কাৰ্য্য়সূচীৰে মাজুলীত উপস্থিত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন ৷ মাজুলীৰ বৰ্তমানৰ ছবিখন মুঠেই সন্তোষজনক নহয় বুলি মন্তব্য ৷ একালৰ বন্ধু তথা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক বিগত দিনত কৰি অহা অপমান সূচক আচৰণৰ উচিত উত্তৰ পাব বুলিও মন্তব্য় কৰে ৷

বিহাৰ নিৰ্বাচন: আৰজেডি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিয়ে শনিবাৰে প্ৰকাশ কৰে নিৰ্বাচনী ইস্তাহাৰ ৷ দলটোৰ নেতা তেজস্বী যাদৱ, মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী উপস্থিত থাকে এই ইস্তাহাৰ মুকলি অনুষ্ঠানত ৷

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বিনায়ক দাদা পাটিলৰ মৃত্যু

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা বিনায়ক দাদা পাটিলৰ মৃত্যু ৷ নাছিকৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ শুকুৰবাৰে নিশা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 77 বছৰ ৷

উত্তৰাখণ্ডত এচিড আক্ৰমণৰ বলি পীড়িতাৰ সহায়ৰ আহ্বান

উত্তৰাখণ্ডৰ দেহৰাডুনৰ এচিড আক্ৰমণৰ বলি হোৱা পীড়িতাৰ দুৰ্দশা ৷ ৰাজ্য চৰকাৰে চাকৰি দিয়াৰ ৭ মাহৰ পিছতে দুৰ্ভগীয়া মহিলাগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷ ৭ মাহৰ ভিতৰত মাত্ৰ দুমাহৰ দৰমহাহে প্ৰদান কৰা হৈছিল মহিলাগৰাকীক ৷

কেনে আছে প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱৰ স্বাস্থ্য ?

হূদৰোগত আক্ৰান্ত হোৱা প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেবৰ নতুন দিল্লীৰ ফৰ্টিছ এচকৰ্ট হাৰ্ট ইনষ্টিটিউটত সফলভাৱে সম্পন্ন হয় এঞ্জিঅ'প্লাষ্টী অস্ত্ৰোপচাৰ ৷ টুইটাৰযোগে ক্ৰিকেটাৰ গৰাকীৰ সু-স্বাস্থ্য কামনা কৰে অনুৰাগী তথা ক্ৰিকেট পৰিয়ালে ৷

বিহাৰত প্ৰধানমন্ত্ৰী মোডী, ৰাহুল গান্ধীৰ পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ

শুকুৰবাৰে বিহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পৃথকে-পৃথকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ৷ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি দুয়োগৰাকী নেতাই এজনে আনজনক বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি আক্ৰমণ চলোৱা পৰিলক্ষিত হয় ৷

ভুৱা টিআৰপি কেলেংকাৰী সন্দৰ্ভত আৰু এজনক আটক

বৃহস্পতিবাৰে টেলিভিশ্বন ৰেটিং পইণ্ট (TRP)ত কেলেংকাৰী সংঘটিত কৰা নৱমজন অভিযুক্তক আটক কৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ৷ অভিযুক্তজন চান্দিৱালীৰ নিৱাসী হৰিশ কমলাকৰ পাটিল বুলি চিনাক্ত ৷

নিৰ্বাচনত জয়ী হ'লে আমেৰিকানবাসীয়ে লাভ কৰিব ক'ভিড ভেকচিনঃ জ' বিডেন

জ' বিডেন নিৰ্বাচনত জয়ী হলে আমেৰিকানবাসীক ক'ভিড-19 ভেকচিন প্ৰদান কৰিব ৷ নিৰ্বাচনী বিতৰ্কত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰাৰ্থী গৰাকীৰ ৷ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পকো কটাক্ষ প্ৰাৰ্থী গৰাকীৰ ৷

কলম্বিয়াৰ উপ ৰাষ্ট্ৰপতি মাৰ্টা লুচিয়া ৰামিৰেজ কৰ'ণাত আক্ৰান্ত

কলম্বিয়াৰ উপ ৰাষ্ট্ৰপতি মাৰ্টা লুচিয়া ৰামিৰেজ কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে 15 দিন হোম কোৱাৰেন্টাইনত থাকিব বিষয়াগৰাকী ৷

আগন্তক তিনি মাহে নিৰ্ণয় কৰিব দেশৰ ক'ভিড-19 পৰিস্থিতি : হৰ্ষ বৰ্ধন

উত্তৰ প্ৰদেশত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ পৰ্যালোচনা সভা ৷ কৰ'ণা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ আগন্তক তিনি মাহৰ ভিতৰত কৰ'ণা প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

ABOUT THE AUTHOR

...view details