অসম

assam

ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 AT 3 PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Oct 22, 2020, 3:09 PM IST

তেলেংগানা: মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ৰামোজী গ্ৰুপৰ 5 কোটিৰ অনুদান

তেলেংগানা মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ 5 কোটিৰ এককালীন আৰ্থিক অনুদান প্ৰদান কৰে ৰামোজী গ্ৰুপে ৷

এইবাৰ মিছ ৱৰ্ল্ড আমেৰিকাৰ বিজেতাই পিন্ধিব ভাৰতত নিৰ্মিত মুকুট

চলিত বৰ্ষত মিছ ৱৰ্ল্ড আমেৰিকাৰ বিজেতাৰ মুকুটটো গুজৰাটৰ চুৰটৰ পৰা ৰপ্তানি হৈছে ৷ আমেৰিকাৰ নিৰ্দেশানুসাৰে চুৰটৰ জেমছ এণ্ড জুৱেলাৰী কোম্পানী গুৰুকৃপা এক্সপোৰ্টে সাজি উলিয়াইছে হীৰাৰ মুকুটটো ৷

আহোমৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য: এজাহাৰ দাখিল

বিতৰ্কিত সাম্প্ৰদায়িক ফেচবুক পোষ্টৰ বিৰুদ্ধে সৰৱ আহোম জাতীয় গণ মঞ্চ ।এজাহাৰ দাখিল। শিৱসাগৰৰ সোণাৰিৰ নিপন শইকীয়া নামৰ ব্যক্তিজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই এজাহাৰ ৷

অদীতি উৰ্জা সঞ্চৰ অধীনত পৰিৱেশ অনুকূল ৰন্ধন গেছ ছিলিণ্ডাৰ মুকলি

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধনে ভিডিঅ' কনফাৰেন্সযোগে পৰিৱেশ অনুকূল ডিমেথাইল ইথাৰযুক্ত ৰন্ধনগেছ ছিলিণ্ডাৰ মুকলি কৰে ৷ অদীতি উৰ্জা সঞ্চৰ অধীনত ছিলিণ্ডাৰটো মুকলি কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ছিলিণ্ডাৰৰ লগতে মেক ইন ইণ্ডিয়াৰ দ্বাৰা নিৰ্মিত ইয়াৰ বাৰ্ণাৰো আঁচনিৰ হিতাধিকাৰীসকলক কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ অসুস্থ

কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ অসুস্থ ৷ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে নেতা গৰাকীৰ মাতৃ ৷

বিটিচি নিৰ্বাচন : চিৰাঙত বিপিএফত যোগদান ইউপিপিএল কৰ্মীৰ

চিৰাং জিলাৰ বিজনীত অনুষ্ঠিত হোৱা বিপিএফ দলৰ যোগদান সভাত 30 গৰাকী ইউপিপিএল কৰ্মীয়ে বিপিএফত যোগদান কৰে ৷ পূৰ্বৰ নীতি-আদৰ্শেৰে বিপিএফে পৰিষদীয় নিৰ্বাচনত আগবাঢ়িব ৷ সভাত এই মন্তব্য বিপিএফ নেতৃত্বৰ ৷

ডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক

দুৰ্গোৎসৱৰ সময়ত কোভিড প্ৰট’কলৰ পালন সম্পৰ্কত ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন ৷ উক্ত বৈঠকত উপস্থিত থাকে জিলাখনৰ সাতটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল ৷

স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ

ভাৰতীয় স্থলসেনাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে নাগ ক্ষেপনাস্ত্ৰ ৷ নামিকাৰ পৰা প্ৰক্ষেপণ কৰা ক্ষেপনাস্ত্ৰটোৰ চূড়ান্ত পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পিচত ইয়াক স্থলসেনাত সংযোজনৰ সকলো পথ মুকলি হৈ পৰে ৷ আনহাতে নাগৰ সংযোজনৰ পিচত ভাৰতীয় স্থলসেনাৰ বাবে ইজৰাইল আৰু আমেৰিকাৰ পৰা ক্ৰয় কৰিবলগীয়া 4ৰ পৰা 7 কিলোমিটাৰ দুৰত্বভেদী এন্টি টেংক গাইডেড মিছাইলৰ প্ৰয়োজনো ঘৰুৱাভাৱে পুৰাবলৈ সফল হ'ব প্ৰতিৰক্ষা বিভাগ ৷

আন্তৰাষ্ট্ৰীয় খোনা সজাগতা দিৱস : প্ৰাৰম্ভিক চিকিৎসাৰ দ্বাৰা হ'ব পাৰি আৰোগ্য

প্ৰতি বছৰে 22 অক্টোবৰৰ দিনটো আন্তৰাষ্ট্ৰীয় খোনা সজাগতা দিৱস হিচাপে পালন কৰা হয় ৷ এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে 'খোনা সমস্যা বুজি পোৱা এখন পৃথিৱী' ৷

হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

কাছাৰৰ পিছত এইবাৰ উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত ৷ অসমৰ লোকক মিজোৰামত বাধা প্ৰদান কৰাৰ বাবে প্ৰতিবাদমুখৰ হৈ পৰিছে জিলাখনৰ ধলছড়া-ফাইসেন সীমান্ত ৷ স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে এই কাৰ্যৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ABOUT THE AUTHOR

...view details