গো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত কলংপাৰ বজাৰ
বুধবাৰে পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মহানগৰীৰ নাৰেংগীৰ কলংপাৰ বজাৰত ৷ এজন মাংস ব্যৱসায়ীয়ে গোপনে মুৰ্গী মাংসৰ লগত গো-মাংস বিক্ৰী কৰাৰ কথা পোহৰলৈ অহাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় বজাৰ খনত ৷ নুনমাটি আৰক্ষীয়ে বজাৰখনত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷
ৰঙিয়াৰ ব্ৰীগফিল্ড কলনীত দুৰ্গা পূজাৰ প্ৰস্তুতি
কোভিড প্ৰট’কল মানি এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ’ব দুৰ্গা পূজা ৷ পূজাত অংশগ্ৰহণ কৰিবলগীয়া পুৰোহিত আৰু পূজা কমিটিৰ লোকসকলে কোভিড পৰীক্ষা কৰাৰ পিছতহে অংশগ্ৰহণ কৰিব পাৰিব মণ্ডপস্থলীত ৷ এইবাৰৰ পূজাত বন্ধ থাকিব ভোগ বিতৰণ ৷ এই নিয়ম প্ৰযোজ্য হ’ব ৰঙিয়াৰ 55 বছৰ পুৰণি এখন দুৰ্গা পূজাত ৷
মিজো আৰক্ষীৰ বাধাৰ সন্মুখীন বিধানসভাৰ উপাধ্যক্ষ
আজিও উত্তেজনা অব্যাহত আছে অসম-মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত ৷ লাইলাপুৰবাসীৰ মনৰ অৱস্থাৰ বুজ লোৱাৰ লগতে সীমান্ত অঞ্চল পৰিদৰ্শনৰ বাবে উপস্থিত হৈছিল সাংসদ ৰাজদীপ ৰয়ৰ লগতে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ ৷ বিধানসভাৰ উপাধ্যক্ষগৰাকীক সীমান্ত পৰিদৰ্শন কৰাৰ সময়ত বাধা প্ৰদান কৰে মিজো আৰক্ষীয়ে ৷
11 বছৰৰ পাচত ৰাজধানী দিল্লীত আটাইতকৈ ঠাণ্ডা দিনৰ ৰেকৰ্ড ভংগ
সময়তকৈ আগতীয়াকৈ ঠাণ্ডা পৰিছে ৰাজধানী দিল্লীত ৷ 20 অক্টোবৰত ন্যূনতম উঞ্চতা 13.7 ডিগ্ৰী ছেলছিয়াছ হয়,যিটো সামান্য ৰূপতকৈ 4 ডিগ্ৰী ছেলছিয়াছ কম ৷
হাবি-জংঘলে আৱৰা এগৰাকী উপায়ুক্তৰ বাসভৱন
কৰিমগঞ্জৰ উপায়ুক্ত আন্বামুথান এম পিৰ চৰকাৰী বাসভৱনটো দীৰ্ঘদিনে আছে পৰিত্যক্ত অৱস্থাত ৷ যাৰ বাবে স্থানীয় ৰাইজে নিজাববীয়াত চাফাই অভিযান চলাই পৰিস্কাৰ কৰে উপায়ুক্তগৰাকীৰ বাসভৱনটো ৷