বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ SI কেলেংকাৰীৰ লগত জড়িত এজন লোক
SI কেলেংকাৰীৰ লগত জড়িত আন এজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ লগতে, গ্ৰেপ্তাৰ কৰা লোকজনৰ শহুৰেকৰ ঘৰৰ পৰা অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে 3 কোটি টকা ৷
নগাঁৱত স্বামীৰ প্ৰহাৰত মহিলাৰ মৃত্যু
নগাঁৱত স্বামীৰ প্ৰহাৰত মৃত্যু পত্নীৰ ৷ ঘটনা সন্দৰ্ভত আটক স্বামীক ৷ পাৰিবাৰিক কন্দলৰ বাবে ঘটনাৰ সূত্ৰপাত হোৱাৰ আকাংক্ষা ৰাইজৰ ৷
গোলাঘাটত হাতী-মানুহৰ সংঘাত
গোলাঘাটৰ নুমলীগড়ত বন্যহস্তীৰ উপদ্ৰৱ। হাতী-মানুহৰ সংঘাতৰ ভয়াৱহ দৃশ্য বন্দী হ'ল কেমেৰাত। শূন্যলৈ গুলীচালনা কৰিও হাতী খেদাত ব্যৰ্থ বন বিভাগ।
ৰাজদ্বীপ গোৱালা আৰু ৰুমী নাথক কংগ্ৰেছৰ পৰা নিলম্বন
বিধায়ক ৰাজদ্বীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমী নাথক কংগ্ৰেছৰ পৰা নিলম্বন। বিজেপিমুখী হোৱাৰ উমান পাই নিলম্বন কৰিলে ৰাজদ্বীপ-ৰুমীক। দলবিৰোধী কাৰ্য-কলাপত লিপ্ত থকাৰ অভিযোগ দুয়োগৰাকীৰ বিৰুদ্ধে।
আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস
আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ প্ৰত্যেক বছৰে 10 অক্টোবৰত পালন কৰা হয় এই দিন ৷ মানসিক স্বাস্থ্যক লৈ সকলোৰে মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই বিশেষ দিন ৷ 'মানসিক স্বাস্থ্য সকলোৰে বাবে সঠিক বিনিয়োগ, সঠিক লাভালাভ' শীৰ্ষক বিষয়ৰে 2020 বৰ্ষৰ বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন ৷