অসম

assam

ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - TOP 10 @ 3 PM

তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Sep 22, 2020, 3:29 PM IST

চিয়াঙৰ বানত বিনষ্ট সহস্ৰাধিক তামোল খেতি

ধেমাজিৰ জোনাইত চিয়াঙৰ বানে বিপৰ্যস্ত কৰিছে জনজীৱন ৷ কঠিন জীৱন সংগ্ৰামত ব্ৰতী আছে বেৰাচাপৰিবাসী ৷ এই বানে বিনষ্ট কৰিছে অঞ্চলটোৰ বিঘাই বিঘাই তামোল খেতি ৷ সেয়ে মূৰে-কপালে হাত দিছে তামোল খেতিয়কসকল ৷

টীয়কত চাঞ্চল্যকৰ হত্যাকাণ্ড : শংকিত ৰাইজ

নিজ ভাতৃক হত্যা কৰি লুকুৱাই ৰাখিছিল মানসিক ভাৱে বিকাৰগ্ৰস্ত এজন লোকে ৷ মঙলবাৰে হত্যাৰ বলি হোৱা অনিল বৰদলৈ নামৰ লোকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পাছতে গাঁওবাসীৰ মাজত সৃষ্টি হয় আতংকময় পৰিৱেশৰ ৷

হৃদয়হীন মাতৃয়ে হাবিত এৰি গ’ল নৱজাতকক !

জীৱশ্ৰেষ্ঠ মানৱৰ শিৰ নত কৰা কাৰ্য ৷ ডিফুত হাবিৰ মাজৰ পৰা উদ্ধাৰ হৈছে এটি নৱজাতক ৷ হৃদয়স্পৰ্শী ঘটনাটোৱে জোকাৰি গৈছে সমগ্ৰ কাৰ্বি আংলঙবাসীক ৷

সুলভ শৌচালয়ত নিৰ্মাণত সুলভ হৈছে দুৰ্নীতি

ৰাজ্যত আৰম্ভ হৈছিল সুলভ শৌচালয় নিৰ্মাণকাৰ্য ৷ কিন্তু ঠায়ে ঠায়ে এই শৌচালয় নিৰ্মাণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ হাইলাকান্দিৰ কাটলিচেৰা সমষ্টিৰ ধলাই মলাই গাঁও পঞ্চায়তত এনে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷

অচিৰেই মাজুলীত নিৰ্মাণ হ'ব ক্ৰিকেট ষ্টেডিয়াম

মাজুলীৰ খেলুৱৈ আৰু ক্ৰীড়াপ্রেমীলৈ সুখবৰ । অচিৰেই নিৰ্মাণ হ'ব মাজুলীত ক্ৰিকেট ষ্টেডিয়াম ৷ নিৰ্মাণ কৰিব অসম ক্ৰিকেট সন্থাই ।

অসম দৰ্শন আঁচনিত সীতাজখলা মন্দিৰক সামৰি ল’ব নে চৰকাৰে ?

অয্যোধাত শ্ৰী শ্ৰী ৰাম চন্দ্ৰ মন্দিৰ নিৰ্মাণৰ পাছতেই সীতা দেৱীৰ মন্দিৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে মন্দিৰৰ পূজাৰী তথা সাধাৰণ লোকে । মহাকাব্যৰ পৰিঘটনাৰে সংপৃক্ত এই মন্দিৰটো পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ এক থল আছে ৷ অসম চৰকাৰে থলুৱা পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে যি অসম দৰ্শন আঁচনি ৰূপায়নৰ সিদ্ধান্ত লৈছে, সেই আঁচনিৰ অধীনত সীতাজখলা মন্দিৰকো সামৰি ল’ব পৰা যায় ৷ তেতিয়াহে এই মন্দিৰে জনমানসত নিজৰ ইতিহাস সমৃদ্ধ পৰিচিতি লাভ কৰিব ৷

ব্ৰাউন চুগাৰসহ বৰপেটা আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

বৰপেটা আৰক্ষীৰ জালত পৰিল নিষিদ্ধ ব্ৰাউন চুগাৰসহ ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী মইনুদ্দিন আলিৰ পৰা ড্ৰাগছ ভৰ্তি ৫ টা কন্টেইনাৰো জব্দ ৷ ধৃত মইনুদ্দিনে দীৰ্ঘদিনৰ পৰা ঘৰতে ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ ৷ ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান অব্যাহত ৷

অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি সাংবাদিক

পুনৰ সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত ৰাজ্যত । কথমপি প্ৰাণৰক্ষা এটা ব্যক্তিগত টেলিভিচন চেনেলৰ সাংবাদিকৰ । ঘটনাৰ স্থান হোজাই জিলাৰ উদালী ৷

চৰকাৰৰ নিৰ্দেশনাক আওকাণ কৰিলে লংকা হাইস্কুলে

ক'ভিড 19 ৰ প্ৰট’কল তথা চৰকাৰী নিৰ্দেশনা মানি বিদ্যালয় খোলাৰ নিৰ্দেশনাক লংকা হাইস্কুলে আওকাণ কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে লংকাৰ ঐতিহ্যমণ্ডিত এই বিদ্যালয়খনৰ কোৱাৰেণ্টাইন চেন্টাৰ প্ৰায় দুমাহ পূৰ্বেই খালী কৰা হৈছিল ৷ কিন্তু বৰ্তমানো বিদ্যালয়‌খনত আছে কোৱাৰেণ্টাইন চেণ্টাৰৰ বিভিন্ন সা-সামগ্ৰী ৷

ৰাজনৈতিক স্বাৰ্থত বিজেপিয়ে প্ৰশাসনক যন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ

বৰাকত কংগ্ৰেছৰ নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ ৷ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সাংগঠনিক সভাত বাধা সৃষ্টিৰ অভিযোগ ৷ কংগ্ৰছৰ সভাত বাধা সৃষ্টিৰ উদ্দেশ্যে প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰৰ অভিযোগ কৰিমগঞ্জ জিলাৰ কংগ্ৰেছ কৰ্মীৰ ৷ কংগ্ৰেছ নেতা পংকজ বৰবৰাৰ দাবী বৰাকত এইবাৰ মিত্ৰজোঁটৰ চৰকাৰে লাভ কৰিব 13 খন আসন ৷

ABOUT THE AUTHOR

...view details