গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজৰ ভয়ংকৰ ছবি
আৰক্ষীৰ জিম্মাত নিৰপৰাধী ব্যক্তিৰ মৃত্যু কোনো নতুন ঘটনা নহয় ৷ আমাৰ দেশত প্ৰতিদিনে 15 টা এনেকুৱা ঘটনা সংঘটিত হয় আৰু ইয়াৰ ভিতৰত 9গৰাকীয়ে মৃত্যুক সাৱতি লয় ৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰকাশ কৰা অনুসৰি, এনেকুৱা অধিকাংশ ঘটনাই পোহৰলৈ নাহে ৷ এইক্ষেত্ৰত আৰক্ষী ব্যৱস্থাৰ সংস্কাৰৰ ব্যাপক প্ৰয়োজন আছে ৷ আইনৰ শাসন বলৱৎ কৰা বিশ্বৰ 126 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 68 সংখ্যক ৷ এক আঠ-দফীয়া নীতিৰ আধাৰত ভাৰতে আইন-শৃংখলা নিৰ্ধাৰণৰ ক্ষেত্ৰত 111 স্থানত আছে ৷
পূৱ বিলাসীপাৰাৰ চাপৰত "ৰাষ্ট্ৰীয় পোষণ মাহ" উদযাপন
অঙ্গনাবাড়ী কেন্দ্ৰ সমূহৰ অন্তৰ্গত গাঁও অঞ্চলৰ পুষ্টিহীনতাত ভুগি থকা প্ৰতিগৰাকী শিশুক চিনাক্তকৰণ কৰি স্বাস্থ্য সন্মত বিধান আৰু পুষ্টি যোগান ধৰাই পোষণ মাহৰ লক্ষ্য ।
শ্বহীদ কনকলতাক সুঁৱৰি গহপুৰত ‘শ্বহীদ দিৱস’ পালন কংগ্ৰেছ কৰ্মীৰ
‘শ্বহীদ দিৱস’ উপলক্ষে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ তথা গহপুৰৰ সু-সন্তান কনকলতা বৰুৱাক স্মৰণ গহপুৰ কংগ্ৰেছৰ ৷ কনকলতা বৰুৱাৰ নামত গহপুৰত এখন মহাবিদ্যালয় স্থাপন কৰিবলৈ চৰকাৰক আহ্বান কংগ্ৰেছ কৰ্মীৰ ৷
গোলাঘাট আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী
গোলাঘাট নগৰৰ এৰেঙ্গাপাৰ, বেঙেনাখোৱা, তেতেলীতল, ৰঙাজান, শান্তিপুৰত এতিয়াও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ স্বীকাৰোক্তি দিয়ে কৰায়ত্ব কৰা ড্ৰাগছ ব্যৱসায়ীয়ে ৷
ধুবুৰীৰ চাপগড় পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
ধুবুৰী জিলাৰ চাপগড় গাঁও পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত কাৰ্য্যালয় আন্তঃগাঁথনিৰ নামতো ধন আত্মসাতৰ অভিযোগ ৰাইজৰ ।