চৰকাৰে কিমান সময়লৈ দেশৰ নিৱনুৱা সমস্যাটো আওকাণ কৰিব ? : ৰাহুল গান্ধী
দেশৰ নিৱনুৱা সমস্যাক লৈ সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ শীঘ্ৰেই দেশৰ যুৱক-যুৱতীসকলক চাকৰিত নিয়োগ কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ৷
অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত জলেশ্বৰৰ শতাধিক ৰাইজ
চাৰিটা বছৰে চৰকাৰে বানপানীৰ কোবাল সোতে উটুৱাই নিয়া আইৰকাটা বজাৰৰ নদীকাষৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ বাবে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ অভিযোগ মতে স্বাস্থ্য কেন্দ্ৰটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় বিষয়াৰ লগতে স্থানীয় বিধায়ক, সাংসদক বহুবাৰ অৱগত কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷
ই এম আইৰ জড়িয়তে মবাইল ক্ৰয় কৰি বিপদত গ্ৰাহক
ই এম আইৰ জড়িয়তে মবাইল ফোন ক্ৰয় কৰি এতিয়া বিপদত এজন গ্ৰাহক ৷ এটা ব্যক্তিগত ফাইনেঞ্চ কোম্পানীৰ সহায়ত ই এম আইৰ জড়িয়তে মবাইল ফোন ক্ৰয় কৰিছিল লোকজনে ৷ লোকজনৰ অভিযোগ, ঋণ পৰিশোধ সম্পূৰ্ণ হোৱাৰ পিছতো প্ৰতিষ্ঠানটোৱে তেওঁৰ একাউন্টৰ পৰা ধন কৰ্তন কৰি আছে ৷
IPL 13: কৰ’ণামুক্ত হৈছে সকলো বিষয়ববীয়া
UAEত অনুষ্ঠিত হ’বলগীয়া 13 সংখ্যক আই.পি.এলৰ সকলো বিষয়ববীয়াৰ ক’ভিড-19ৰ শ্বাৱ পৰীক্ষাত নিগেটিভ ফলাফল পোৱা গৈছে ৷ BCCIৰ এক সূত্ৰই সদৰি কৰিছে এই কথা ৷
ক'ভিডত আক্ৰান্ত হৈ মৃত্যু লোকশিল্পী তৰুণ ওজাৰ
১১ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰবীণ লোকশিল্পী তৰুণ বৰাৰ পৰলোক প্ৰাপ্তি ৷ পৰৱৰ্তী সময়ত তেওঁৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯ পজিটিভ ভাইৰাছ ৷