অসম

assam

ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহ বাতৰি... - Top 10 @ 3 PM

তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

Top 10 @ 3 PM
তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Sep 16, 2020, 3:05 PM IST

একেটা পৰিয়ালৰ তিনিজনৰ প্ৰাণ কাঢ়িলে ব্ৰজপাতে

এটা পৰিয়ালৰে তিনিজন লোকৰ প্ৰাণ একেলগে কাঢ়ি নিলে ব্ৰজপাতে ৷ পথাৰত কাম কৰি থাকোতেই একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু ৷ পৰিয়ালটোৰ তিনিগৰাকী সদস্যৰ লগতে মঙলবাৰে আবেলি ব্ৰজপাতে কাঢ়ি নিলে মুঠ সাত গৰাকীকৈ লোকৰ প্ৰাণ ৷ মধ্যপ্ৰদেশত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা ৷

আজি বিশ্ব অ'জন দিৱস

আমি বাস কৰা পৃথিৱীৰ গাতে লাগি থকা বায়ুৰ স্তৰটোক ট্রপ'স্ফিয়েৰ বোলা হয় ৷ তাৰ ওপৰতে থকা আনটো স্তৰ হৈছে ষ্ট্রেট'স্ফিয়েৰ ৷ এই দুয়োটা স্তৰতে আছে অজ'ন গেছ ৷ অজ'ন গেছে পৃথিৱীৰ জীৱজগতক এটা ছাতিৰ দৰে আৱৰি আছে ৷ ই সূর্যৰ পৰা অহা অপকাৰী অতি বেঙুনীয়া ৰশ্মিৰ অধিকাংশ শোষণ কৰি চকুৰ ৰোগ, ছালৰ ৰোগকে ধৰি উদ্ভিদৰ বিভিন্ন ৰোগৰ লগতে জীৱ কুলৰ জীৱন ৰক্ষাৰ কাম কৰে ৷

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 50 লক্ষাধিক

বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত নতুনকৈ 90,123 গৰাকী কৰ'ণা আক্ৰান্ত লোকৰ তথ্য পোৱা গৈছে ৷ ইয়াৰ লগে লগে ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 50 লক্ষাধিক ৷

যাত্ৰীৰে সৈতে চম্বল নদীত ডুব গ'ল নাও

কমলেশ্বৰ ধাম দৰ্শন কৰিবলৈ গৈ নাও দুৰ্ঘটনাত পতিত হ'ল প্ৰায় 30 গৰাকী লোক ৷ 15 জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে যদিও প্ৰায় 14 গৰাকী লোকক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ ৰাজস্থানৰ কোটাৰ ইটাৱাত চম্বল নদীত নাওখন দুৰ্ঘটনাত পতিত হয় ৷

অজন্তা নেওগৰ সমষ্টিত ৰাইজৰ দুৰ্দশাঃ পথত ভূঁই ৰুই কৰিলে প্ৰতিবাদ

পথৰ অৱস্থা ইমানেই শোচনীয় যে, প্ৰতিবাদ কৰি থকাৰ মাজতেই হঠাতে পিছলি পৰিল এগৰাকী বৃদ্ধা ৷ বোকাময় পথছোৱাৰে এগৰাকী বৃদ্ধা পাৰ হওতেই বাগৰি পৰিল বোকাত ।

চাৰিদিনীয়া লক ডাউনৰ অন্তত পুনৰ খুলিল হাৰেংগাজাওৰ বজাৰ

60 গৰাকী কর্মচাৰী একেলগে কৰ'নাত আক্ৰান্ত হোৱাৰ পাছতেই হাৰেংগাজাওত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাছতেই হাৰেংগাজাও বজাৰকে ধৰি স্থানীয় অঞ্চলসমূহত লক ডাউন ঘোষনা কৰিছিল নগৰ সমিতিয়ে ৷

কলগাছিয়াত বান ক্ষতিগ্ৰস্ত হিতাধিকাৰীৰ তালিকাত কেলেংকাৰীৰ অভিযোগ

কলগাছিয়া ৰাজহ চক্ৰৰ লাট-মণ্ডল, গাওঁবুঢ়াৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ অভিযোগ অনুসৰি, কলগাছিয়াত বান ক্ষতিগ্ৰস্ত হিতাধিকাৰীৰ তালিকাত নাই প্ৰকৃত হিতাধিকাৰীৰ নাম ৷ তাৰ পৰিৱৰ্তে লাট-মণ্ডল, গাঁওবুঢ়াৰ আত্মীয়ৰহে নাম আছে ৷ এই অভিযোগ উত্থাপন কৰিছে বঞ্চিত ৰাইজে ৷

ৰূপহীহাটত বিদ্যুৎ্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

11 KV ৰ উচ্চ ক্ষমতাসম্পন্ন তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ মঙলবাৰে নিশা এটা বন্যহস্তীয়ে মৃত্যুক সাৱটি লয় ৷ নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়া ধিং বৰি চাপৰিত সংঘটিত হৈছে এই ঘটনা ৷

জৰাজীৰ্ণ পথৰ বাবে ব্যাহত কলগাছিয়াৰ বৃহত্তৰ অঞ্চলৰ যাতায়াত

এটা জৰাজীৰ্ণ পথে ব্য়াহত কৰিছে কলগাছিয়াৰ কাউৰজাহী, কাচুকাটি, মোৱামাৰী, লাচাংগা, বলাইপাথাৰ আদি গাঁৱৰ প্ৰায় দহ হাজাৰ লোকৰ যাতায়াত ৷ সংবাদ মাধ্যমযোগে জনপ্ৰতিনিধিৰ বিৰুদ্ধ ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে ৷

ৰাজহুৱা আচৰণ আৰু ৰাষ্ট্ৰ নিৰ্মাণঃ ৰাজনীতিৰ দুটা অবিচ্ছেদ্দ্য অংগ

ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিটো শব্দই নিখুঁতভাৱে বাচনি কৰা হৈছিল ৷ এল এ ছিত স্থিতাৱস্থাক মানি চলা তথা সন্মান কৰা আৰু ইয়াৰ ওপৰত ভাৰতৰ ধাৰণা কি সেই বিষয়ে সুক্ষ্মভাৱে চীনক অৱগত কৰাৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ ৯০ হাজাৰ কিলোমিটাৰ ভাৰতীয় অঞ্চলত চীনৰ দাবী তথা পাকিস্তানে লাডাখৰ ৫১৮০ বৰ্গকিল'মিটাৰ ভাৰতীয় ভূমি চীনক হস্তান্তৰ কৰাৰ কৰাৰ প্ৰসংগও উল্লেখ কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details