সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰিব মন্ত্ৰী চন্দন ব্ৰহ্মই
মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিজেপিত যোগদানৰ বাতৰিক ভিত্তিহীন আখ্যা দি ভুৱা বাতৰি পৰিৱেশনৰ বাবে একাংশ সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ চিৰাঙত বিপিএফৰ প্ৰাৰ্থী সকলৰ বাবে প্ৰচাৰ চলাবলৈ আহি এই কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷
যোৰহাটত কৰ'ণাতংক : স্থবিৰ হৈ পৰিছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কাম
যোৰহাটৰ 1নং সোনাৰী গাঁৱৰ এই বিয়াতে উপস্থিত আছিল কৰ'ণাত আক্ৰান্ত লক্ষ্যজিৎ বৰদলৈ নামৰ যুৱকজন । তাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলতে ।
ইউএনআৰডব্লিউএলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদানৰ ঘোষণা ভাৰতৰ
বিদেশ ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে সদৰি কৰা অনুসৰি, আগন্তুক দুবছৰত পেলেষ্টাইন শৰণাৰ্থীৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ সাহাৰ্য আৰু নিৰ্মাণ পুঁজিত ১০ মিলিয়ন আমেৰিকান ডলাৰ অৱদান আগবঢ়াব । ইয়াৰ লগতে, প্ৰশিক্ষণ আৰু গৃহ নিৰ্মাণ সংস্থাৰ মাধ্যমেৰে ক্ষমতা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰে ।
আইএনএছ শিৱাজীৰ ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা পজিটিভ
ভাৰতীয় নৌসেনাৰ এক সূত্ৰই সদৰী কৰা মতে,মহাৰাষ্ট্ৰৰ লোনাৱালাস্থিত ভাৰতীয় নৌসেনা বাহিনীৰ অন্যতম প্ৰধান প্ৰশিক্ষণ প্ৰতিষ্ঠান আইএনএছ শিৱাজীৰ কমেও ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে ।
গোৰেশ্বৰৰ উত্তৰ চেউনী নামঘৰত চোৰৰ চাফাই অভিযান
বাক্সাত মঙলবাৰে নিশা চোৰে অভিযান চলাই লুটি নিয়ে নগদ ধনৰ লগতে বহু মূল্যৱান সম্পদ ৷ গোৰেশ্বৰৰ উত্তৰ চেউনী গাঁৱৰ কলা গোঁসাই থান নামঘৰত সংঘটিত হৈছে এই চুৰি কাৰ্য ৷ ঘটনা সন্দৰ্ভত নামঘৰ সমিতিয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে ৷