অসম

assam

By

Published : Jun 4, 2021, 1:11 PM IST

ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 1PM
1 বজাৰ দহটা শীৰ্ষ বাতৰি

পুনৰ বন্ধ হৈ পৰিব নেকি শৰাইঘাটৰ পুৰণি দলং ?

প্ৰায় 3 মাহৰ বাবে মেৰামতি কৰাৰ উদ্দেশ্যে আজিৰে পৰা পুনৰ বন্ধ হৈ পৰিব শৰাইঘাটৰ পুৰণি দলং ৷ কিন্তু যাত্ৰীসকলৰ বাবে যাতায়ত অব্যাহত থাকিব নতুন দলংখনেৰে ৷

ধেমাজিত গ্ৰেপ্তাৰ NLFB ৰ দূৰ্ধষ কেডাৰ টাইগাৰ

শুকুৰবাৰে পুৱাই ধেমাজি সদৰ থানালৈ অনা হয় দুধৰ্ষ কেডাৰজনক ৷ আৰক্ষীৰ জেৰা অব্যাহত ৷

মানাহৰ বুকুত বিলীন হোৱাৰ দিশে অভয়াপুৰীৰ গোলাপাৰা

প্ৰতিটো বাৰিষাতে মানাহৰ বুকুত জাহ গৈছে গোলাপাৰাৰ শ শ বিঘাৰ কৃষি ভূমি ৷ কোনো এগৰাকীয়ে গোলাপাৰাৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷

ক্ৰমাৎ বে-আইনী কাৰ্যকলাপৰ হটস্পটত পৰিণত বৰপেটা

বৰপেটা আৰক্ষী অধীক্ষকৰ বাসভৱনৰ নাতি দূৰৈত চলিছে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় ৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰে এগৰাকী যুৱতী সহ তিনিজন যুৱকক ৷

এখন বাঁহৰ দলং আৰু বিধায়ক চক্ৰধৰ গগৈৰ 5 হাজাৰ টকাৰ অনুদান

মৰাণৰ তিলৈ নদীৰ ওপৰত থকা দেওধাই আৰু মোহন গাঁও সংযোগী একমাত্ৰ বাঁহৰ দলং খনে প্ৰতিবছৰেই ৰাইজক জ্বলা-কলা ৷

আংশিক লকডাউনৰ মাজতে ৰাজপথত কি কৰিছে মৰাণৰ ব্যৱসায়ীয়ে ?

আংশিক লকডাউন আৰু সান্ধ্য আইনৰ বাবে দিনৰ 11 বজাতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰাত লঘোণে দিন কটাবলগীয়া হৈছে পদপথত থকা লোক সকলে ৷ মহামাৰীৰ এই ভয়াৱহ সময়তচোৱাত অনাহাৰে থকা লোকসকলক এসাঁজ খুওৱাৰ বাবে বিভিন্ন সময়ত ভিন্ন জনে ওলাই অহাৰ লগতে বুধবাৰে মৰাণৰ পদপথত দিন কটোৱা লোকসকলৰ বাবে এমুঠি খাদ্যৰ যোগান ধৰাৰ উদ্দেশ্যে পদ পথলৈ ওলাই আহিল মৰাণৰ ব্য়ৱসায়ী তথা স্থানীয় দল-সংগঠন ৷

ৰহাৰ কন্টেইন্টমেন্ট জ'নৰ বাবে কি কৰিছে ৰাজহ চক্ৰ বিষয়াই ?

একাংশ লোকৰ অসাৱধানতাৰ বাবে দৈনিক আক্ৰান্ত হৈছে বহুজন, ঠায়ে ঠায়ে বৃদ্ধি পাইছে ক'ভিড মহামাৰীৰ প্ৰকোপ ৷ যাৰ ফলত ভয় আৰু শংকাত দিন কটাইছে সচেতন লোকসকল ৷ বুধবাৰে পুনৰ দুটা কন্টেইন্টমেন্ট জ'ন ঘোষণা কৰাত ৰহাত মুঠ 11 টালৈ বৃদ্ধি পাইছে কন্টেইন্টমেন্ট জ'নৰ সংখ্যা ৷

নামৰূপত সাজি উলিওৱা হৈছে 50 খন বিছনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ

নামৰূপৰ বি ভি এফ চি হাস্পতালত প্ৰস্তুত কৰি উলিওৱা হৈছে এটি 50 খন বিচনাযুক্ত এটি ক’ভিড কেয়াৰ কেন্দ্ৰ (Covid care center) ৷ ক’ভিডৰ লক্ষণ দেখা দিয়া আৰু ক’ভিড পজেটিভ পোৱা অঞ্চলটোৰ ৰোগী সকলক এই ক’ভিড কেয়াৰ কেন্দ্ৰই সকাহ প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে ৷

নগাঁৱৰ সীমান্তৱৰ্তী হায়াংথলত নিচাযুক্ত দ্ৰব্যসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

নগাঁও জিলাৰ সীমান্তৱৰ্তী হায়াংথলত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে মহিলাসহ তিনি সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীয়ে চলাইছিল এই অভিযান ৷

আগষ্ট মাহলৈকে কিস্তি দিব নালাগে মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লওঁতাই

ত্ৰিপুৰাত আগষ্ট মাহলৈকে ঋণৰ কিস্তি মাফ কৰিব মাইক্ৰ'ফাইনেন্স কোম্পানীয়ে । ছেপ্টেম্বৰ মাহ পৰ্যন্ত ঋণৰ কিস্তি বিচাৰিব নোৱাৰিব ৰাজহুৱা খণ্ডৰ বেংকে । উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাই মাইক্ৰ'ফাইনেন্স কোম্পানী কৰ্তৃপক্ষৰে আলোচনাত মিলিত হোৱাৰ পিছতে বিত্তীয় প্ৰতিষ্ঠানসমূহে ঋণৰ কিস্তি ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ।

ABOUT THE AUTHOR

...view details