অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 বাতৰি... - TOP 10 @ 1 PM

1 বজাৰ শীৰ্ষ 10 বাতৰি...

1 বজাৰ শীৰ্ষ 10 বাতৰি...
1 বজাৰ শীৰ্ষ 10 বাতৰি...

By

Published : Mar 6, 2021, 1:00 PM IST

ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ সুস্মিতা দেৱৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ বাবে এক বেয়া খবৰ ৷ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে ত্যাগ কৰিব খুজিছে কংগ্ৰেছ ৷ ইতিমধ্যে ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টিৰ বাবেই কংগ্ৰেছ ত্যাগ কৰা বুলি জানিবলৈ দিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

নাহৰকটীয়াত আবতৰীয়া দীপাৱলী পালন

নাহৰকটীয়াত উদযাপন কৰা হৈছে আবতৰীয়া দীপাৱলী ৷ আতচবাজীৰে মুখৰিত হৈ পৰিছে নাহৰকটীয়াৰ আকাশ-বতাহ ৷ কাৰণ ১২০ নং নাহৰকটীয়া বিধানসভা সমষ্টিত এইবাৰ বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব যুৱ নেতা তথা ৰাজ্যিক বিজেপিৰ সম্পাদক তৰংগ গগৈয়ে ৷ শুকুৰবাৰে সন্ধিয়া দলীয় নেতৃত্বই তৰংগ গগৈৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিচতেই এতিয়া নাহৰকটীয়াত বিজেপি কৰ্মীসকলৰ মাজত বৈছে আনন্দৰ বন্যা ৷

মৰাণত কংগ্ৰেছৰ সাংগঠনিক সভা

মৰাণৰ তিলৈজান চাহ বাগিচাৰ বৰলাইনত কংগ্ৰেছৰ সাংগঠনিক সভা । সভাত উপস্থিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ । প্ৰাঞ্জল ঘাটোৱাৰে মৰাণত টিকট পোৱাৰ সম্ভাৱনা আছে যদিও মৰাণত বহু কংগ্ৰেছ কৰ্মীয়েই ঘাটোৱাৰৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক বিৰোধিতা কৰি আহিছে ।

Covid-১৯ ৰ প্ৰতিষেধক গ্ৰহণ দালাই লামাৰ

তিব্বতী আধ্যাত্মিক নেতা দালাই লামাই গ্ৰহণ কৰে প্ৰথম পালি COVID-১৯ ৰ প্ৰতিষেধক । শনিবাৰে হিমাচল প্ৰদেশত তেওঁৰ বাসগৃহৰ সমীপৰ এখন চিকিৎসালয়ত তিব্বতী আধ্যাত্মিক নেতাগৰাকীয়ে গ্ৰহণ কৰে প্ৰতিষেধক । সকলো ৰোগীকে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান দালাই লামাৰ ।

অন্ধ্ৰ প্ৰদেশত হ্যাম্পবেক ডলফিনৰ বিচৰণ

অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাবৰী জিলাৰ অন্তৰবেদী উপকূলত প্ৰত্যক্ষ হ্যাম্পবেক ডলফিন । উপকূলৰ ৫০০ মিটাৰ দূৰত্বলৈ পৰিলক্ষিত এই ডলফিন ৷

কৰ্ণাটকত একে বিদ্য়ালয়ৰ ১৫ জন শিক্ষাৰ্থীৰ দেহত কোভিড

কৰ্ণাটকৰ কালাগী চহৰৰ কালাবুৰাগী চৰকাৰী হাইস্কুলৰ ১৫ জন শিক্ষাৰ্থীৰ দেহত কৰ'ণা ৷

শ্বহীদ জোৱানৰ পৰিয়াললৈ আৰ্থিক সাহায্য মধ্য প্ৰদেশৰ

শ্বহীদ জোৱান লক্ষ্মীকান্ত দ্বিবেদীৰ পৰিয়াললৈ ১ কোটি টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে । ছত্তিশগড়ত আইইডি বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল জোৱানজনে ।

অগপ কৰ্মীৰ মুখত ‘‘হিমন্ত গ’ বেক’’

লাহৰীঘাট বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ কাদিৰুজ্জামান জিন্নাৰ নাম ঘোষণা কৰাৰ ফলত অগপৰ নেতৃবৰ্গৰ বিৰুদ্ধে প্ৰতিবাদত নামিল দলীয় কৰ্মী ৷

8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বিপিএফে

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 4 টা সমষ্টিক সাঙুৰি বিপিএফে 8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব ৷ এই কথা সদৰী কৰিছে দলটোৰ নেতা হাগ্ৰামা মহিলাৰীয়ে ৷ এইবেলি নিৰ্বাচনত বিপিএফে 12 খন আসন লাভ কৰাৰ লগতে মহাজোঁটে 70 খন আসন লাভ কৰিব বুলিও হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে ।

সামৰণি পৰিল তিৱা সকলৰ ছগ্ৰা পূজাৰ

নগাঁও জিলাৰ কঠিয়াতলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে মধ্য অসমৰ তিৱাসকলৰ ছগ্ৰা পূজা । বুধবাৰৰ পৰা অনুষ্ঠিত হৈ থকা এই ছগ্ৰা পূজাৰ এক বিশেষত্ব আছে । পূজা চলি থকা সময়চোৱাত কঠিয়াতলীৰ তিৱা গাঁওসমূহত তিৱা সকলৰ ৰাজত্ব চলে । পূজা চলি থকা সময়ত কোনো ব্যক্তিয়ে জোতা-চেণ্ডেল, লংপেণ্ট পিন্ধি গাঁৱকেইখনত প্ৰৱেশ কৰিব নোৱাৰিব ৷ তদুপৰি গাড়ী-মটৰ, চাইকেল আদিও নিষিদ্ধ কৰিছে পূজাৰ সময়চোৱাত ৷

ABOUT THE AUTHOR

...view details