অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 AT 1PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 1PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Nov 21, 2020, 1:03 PM IST

যোৰহাটত বিধংসী অগ্নিকাণ্ডত ভস্মীভূত বহুকেইটা বাসগৃহ

যোৰহাট জিলাত বিধংসী অগ্নিকাণ্ডত ভস্মীভূত বহুকেইটা বাসগৃহ ৷ আজি পুৱাৰ ভাগতে যোৰহাট চহৰৰ মাজমজিয়াত অৱস্থিত হৰিজন কলনিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷

শিক্ষকৰ আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষকৰ পদ সৃষ্টি, বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা,2018 চনৰ জলপানি প্ৰদান আৰু শিক্ষকৰ আৰ্জিত ছুটি বছৰি দহ দিনৰ পৰা ত্ৰিশ দিনলৈ বৃদ্ধি কৰাৰ লগতে কেবাটাও বিষয়ক লৈ দাবী জনাই আহিছে ৷

ৰতন কছাৰীৰ বিৰুদ্ধে ক্ষুব্ধ কিয় সংগঠনৰ সদস্য ?

সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি ৰতন কছাৰীৰ শেহতীয়া কৰ্মৰাজিক লৈ ভিন্ন অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ ধেমাজী জিলা সমিতিৰ কাৰ্যকৰ্তা সকলে ৷ শুক্ৰবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ ধেমাজী জিলা সমিতিয়ে ৷

পণ্ডিত দিনদয়াল বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তনত প্ৰধানমন্ত্ৰী মোডীৰ সম্বোধন

পুৱা 11 বজাত পণ্ডিত দিনদয়াল বিশ্ববিদ্যালয়, গান্ধীনগৰৰ (PDPU) অষ্টম সমাবৰ্তনত সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই সমাবৰ্তন সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

পুৱাই ডাঠ কুঁৱলীয়ে আগুৰি ধৰিলে দেশৰ ৰাজধানী দিল্লীক

বায়ুমণ্ডলৰ দুৰ্বল মানদণ্ডই ভয়ানক প্ৰত্যাহ্বান কঢ়িয়াই আনিছে দেশৰ ৰাজধানী দিল্লীলৈ ৷ শনিবাৰে ৰাতিপুৱা দিল্লীৰ বায়ুমণ্ডলৰ সামগ্ৰীক মানদণ্ড Air Quality Index (AQI) ভিত্তিত 313 সূচাংক হয় ৷

নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ

অসম নিৰ্বাচনী আয়োগে তিৱা স্বায়ত্বশাসন পৰিষদৰ আইন উলংঘা কৰিছে বুলি অভিযোগ সংগঠনটোৰ বিষয়ববীয়াৰ ৷ যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে সংগঠনটোৱে ৷

অখিলৰ চিত্ৰ অংকণ কৰি চিত্ৰ শিল্পীয়ে ক'লে 'মুকলি কৰি দিবলৈ কিয় ভয় কৰিছা ?

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আহোম জাতীয় গণমঞ্চৰ আমগুৰি আঞ্চলিকৰ উদ্যোগত চহৰ খনৰ বিভিন্ন দেৱালত অখিল গগৈ ফটো অংকণ কৰি কৃষক নেতাজনৰ মুক্তিৰ দাবী তুলিলে চিত্ৰ শিল্পীয়ে ৷ ইয়াৰ লগতে সংগঠন কেইটাৰ নেতৃত্বই অখিল গগৈৰ ফটো খনলেও বৰ্তমানৰ সোণোৱাল চৰকাৰে ভয় কৰে বুলি মন্তব্য প্ৰকাশ কৰে ৷

5 মিনিটতে 14 টা ভাষাত কবিতা আবৃত্তি কৰিব পৰা এজন ছাত্ৰ

তিনিচুকীয়াৰ কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ প্ৰাংশু চেতিয়াৰ নাম অন্তৰ্ভুক্ত হৈছে অসম বুক অৱ ৰেকৰ্ডছত ৷ মাত্ৰ 5 মিনিটতে 14 টা ভাষাত কবিতা আবৃত্তি কৰি এই ৰেকৰ্ড গঢ়িছে 8 বছৰীয়া ছাত্ৰজনে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত মৰিগাঁৱত উত্তাল প্ৰতিবাদ

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত পুনৰ উত্তাল হয় মৰিগাঁৱৰ ভূৰাগাঁও অঞ্চল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ চৰকাৰক কৃষক নেতাজনৰ মুক্তিৰ বাবে 3 দিনৰ সময়সীমাও বান্ধি দিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভূৰাগাঁৱৰ নেতৃত্বই ৷

পাঁচ দিনে সন্ধানহীন কলগাছিয়াৰ যুৱক

কলগাছিয়াৰ বৰটাৰী গাঁৱৰ ২০ বছৰীয়া এজন যুৱক যোৱা 17 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, চলিত সপ্তাহৰ মঙলবাৰৰ দিনা ঘৰৰ পৰা ওলাই যোৱাৰে পৰা বৰ্তমানেও ঘৰলৈ উভতি অহা নাই যুৱকজন ৷

ABOUT THE AUTHOR

...view details