ফাট মেলিল বিজেপি আৰু বিপিএফৰ মিত্ৰতাত !
ইতিমধ্যে বি পি এফৰে মিত্ৰতা ছেদ কৰাৰ প্ৰস্তাৱ লৈ বৃহস্পতিবাৰে নিশা দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ হয়টো আজিয়েই যিকোনো মুহূৰ্ততে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বি পি এফৰ সৈতে মিত্ৰতা ভংগৰ সিদ্ধান্ত ৷
টীয়কৰ জাঁজীমুখত ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ
মঙলবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহাত টীয়কৰ ঐতিহাসিক জাঁজীমুখৰ চোমনি চাপৰিত এজোপা প্ৰকাণ্ড বৰ গছ উভালি পৰাৰ লগে লগে উন্মোচিত হ'ল পৌৰাণিক এক তথ্য । উভালি পৰা বৰগছ জোপাৰ বক্ষত আহোম যুগৰ এটা গম্বুজ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে ।
আত্মৰক্ষাৰ প্ৰশিক্ষণৰ আহ্বান জনাই প্ৰধনমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কণমানি ছাত্ৰীৰ
নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে এই পত্ৰযোগে প্ৰধানমন্ত্ৰীলৈ কেইটামান বিশেষ আহ্বান জনাইছে ৷ " বেটি বাছাও বেটি পঢ়াও" আঁচনিৰ লেখীয়াকৈ আত্মৰক্ষাৰ বাবেও চৰকাৰে এক ব্যৱস্থা কৰিব লাগে বুলি পত্ৰত উল্লেখ কৰিছে কণমানি মিনাক্ষী সিনহাই ৷
কৰিমগঞ্জত শ্ৰী শ্ৰী ভূৱনেশ্বৰ সাধু ঠাকুৰৰ জন্মজয়ন্তী উদযাপন
বিভিন্ন বাৰেৰহনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ভূৱনেশ্বৰ সাধু ঠাকুৰৰ জন্মজয়ন্তী অনুষ্ঠানৰ সফল সামৰণি পৰে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে অগনন ভক্তপ্ৰাণ ৰাইজে ৷ পুৱাই সেৱাশ্ৰমৰ প্ৰাংগনৰ পৰা উলিওৱা একা শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচী নিশালৈ বিভিন্ন অনুষ্ঠানেৰ মাজেৰে অন্ত পৰে ৷
কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা
কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে কণ-কণ শিশু, মহিলা, যুৱক-বৃদ্ধ সকলোৰে বিপদ সংকুল যাত্ৰা । ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা । বেকী নৈৰ সুঁতিত দলং নিৰ্মাণৰ দাবী ৰাইজৰ ।