অসম

assam

ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ খবৰ - TOP 10 AT 1PM

1 বজাৰ 10 টা শীৰ্ষ খবৰ

TOP 10 AT 1PM
1 বজাৰ 10 টা শীৰ্ষ খবৰ

By

Published : Oct 9, 2020, 1:00 PM IST

বৈঠকত উপস্থিত থাকে মন্ত্ৰী ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক সত্যব্ৰত কলিতা, বিধায়ক প্ৰনৱ কলিতাকে প্ৰমুখ্যে জিলা পৰ্য্যায়ৰ বহু বিষয়া ৷ বৈঠকত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা অনুমোদন সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

বিধায়ক গৰাকীয়ে বৃহস্পতিবাৰে নিশা ব্ৰাহ্মণ সমাজক পুনৰ অপমান কৰাৰ পিচতে জাঙুৰ খাই উঠিছে ব্ৰাহ্মণ সমাজ ৷ বিধায়কৰ পদ পৰা ৰমাকান্ত দেউৰীক খাৰিজ কৰাৰ আহ্বান জনাইছে ব্ৰাহ্মণ সমাজৰ প্ৰতিনিধিসকলে ৷

বঢ়মপুৰৰ বৃহৎ কৃষিভূমিত ব্যক্তিগত কোম্পানীৰ চকু। বঢ়মপুৰৰ আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । আৰক্ষী আৰু স্থানীয় লোকৰ খণ্ড যুদ্ধ।

যোৱা ১৪ ছেপ্টেম্বৰত লিবিয়াত অপহৃত ৭গৰাকী ভাৰতীয়ক উভতাই অনাৰ আশ্বাস ভাৰত চৰকাৰৰ। আটাইকেইগৰাকীকে ভাৰতলৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিলে বৈদেশিক মন্ত্ৰালয়ে।

ভাৰতীয় বিদেশ সেৱা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনালে ভাৰতীয় বিদেশ সেৱাত নিয়োজিত বিষয়াক। দেশবাসীৰ কল্যাণৰ বাবে ভাৰতীয় বিদেশ সেৱাৰ বিষয়াসকলে আগবঢ়োৱা সেৱাৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।

চিৰাঙৰ গৰুভাষাত গোর্খা সমাজৰ বুদ্ধিজীৱি সকলৰ এখন সভা অনুষ্ঠিত হৈ যায় ৷ বিটিআৰত বাস কৰা গোৰ্খা সমাজৰ লোকসকলে বিভিন্ন সময়ত সন্মুখীন হৈ অহা সমস্যা আৰু সমাধান সম্পৰ্কত আলোচনা কৰাৰ লক্ষ্যেৰে অনুষ্ঠিত হয় এই সভা ৷ বি টি চিক সলাই বি টি আৰ কৰা কাৰ্যক আদৰণি জনাই চৰকাৰক ধন্যবাদ বি টি আৰ গোর্খা সমাজৰ উপদেষ্টা মাধৱ ছেত্ৰীৰ ৷

বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু বিগত চাৰি বছৰত মাজুলীৰ সামগ্ৰীক উন্নয়ণ দেখি এই সকল লোকে বিজেপিত যোগদান কৰা বুলি জানিবলৈ দিয়ে বিজেপি কৰ্মী সকলে ৷

জীয়া ভৰলী নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে এই আবতৰীয়া বানৰ ৷ বানত ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ ভৰলীচাপৰি, গটাইমাৰীকে ধৰি কেইবাখনো গাঁৱৰ শতাধিক পৰিয়াল ৷

পেঙেৰীত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ 4 জনক আটক ৷ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া আৰু বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছখিনি জব্দ হয় ৷ প্ৰায় চাৰি লাখ টকা মূল্যৰ ড্ৰাগছ খিনিৰ সৈতে এখন এল্ট গাড়ীও আৰক্ষীয়ে জব্দ কৰে ৷

চিৰাঙৰ পাণবাৰীত বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান। এসময়ত বিটিএডিৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমন কমিছিল যদিও এতিয়া অঞ্চলটোলৈ শান্তি ঘুৰি অহাত পৰ্য্যটকৰ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰে ধৰণিধৰ বড়োয়ে ৷

ABOUT THE AUTHOR

...view details