আজি বিশ্ব খোজকঢ়া দিৱস । যান্ত্ৰিকতাৰ মাজত মানৱ জীৱন একাকাৰ হৈ যোৱাৰ লগে লগে শাৰিৰীক পৰিশ্ৰম কমি আহিবলৈ ধৰিলে । ফলত মানুহৰ মাজত বৃদ্ধি পাব ধৰিছে বিভিন্ন ৰোগৰ । এনে সময়ত শাৰিৰীক পৰিশ্ৰমৰ অন্য এক উপায় খোজকঢ়া সমগ্ৰ বিশ্বত স্বাস্থ্য সচেতন সকলৰ মাজত জনপ্ৰিয় হৈ উঠাৰ লগতে এনে শাৰিৰীক ব্যায়ামৰ প্ৰসাৰ আৰম্ভ হৈছে। সুস্বাস্থ্যৰ বাবে খোজকঢ়াটো এক মহৌষধ ৰূপে পৰিগণিত হৈছে। সমগ্র বিশ্বতে খোজকঢ়াটোক এক শ্ৰেষ্ঠ শৰীৰ চৰ্চা বুলি কোৱা হয়।
বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী শ্বেইখ মজিবুৰ ৰহমানৰ 100 বছৰীয়া জন্মজয়ন্তী উদযাপনৰ লক্ষ্যৰে ভাৰতীয় নৌ-সেনা আৰু বাংলাদেশ নৌ-সেনাৰ মাজত আৰম্ভ হৈছে দুয়োখন দেশৰ নৌ-সামৰিক অনুশীলন বংগোসাগৰৰ দ্বিতীয় সংস্কৰণ ৷
শনিবাৰে নিশা বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী খোৰাঘাট বনাঞ্চলৰ অন্তৰ্গত বৈষ্ঠমঝোৰাত বন বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় এখন চোৰাং শাল কাঠ ভৰ্তি ট্ৰেক্টৰ ৷
যোৱা প্ৰায় তিনি মাহ ধৰি জলমগ্ন হৈ আছে ৰঙিয়া-গোৰেশ্বৰ সংযোগী গড়কাপ্তানী পথ । গড়কাপ্তানী পথটোৰ ধেপাৰগাঁও অঞ্চলত বৰ্তমানেও আছে এককাল পানী । ফলত যান-বাহনৰ চলাচল সম্পূৰ্ণ ব্যাহত হৈ আছে অঞ্চলটোত ।
এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ মূগা সঁচ উন্নয়ন প্ৰকল্পত কোটিটকীয়া অনিয়ম আৰু কেলেংকাৰীৰ অভিযোগ । প্ৰাককলন অনুসৰি নিৰ্মাণ নকৰিলে বাউণ্ডেৰীৰ পকী দেৱাল ৷ শিৱসাগৰ জিলাৰ আমগুৰি বৰাহীবাৰীস্থিত মুগা সঁচ উন্নয়ণ প্ৰকল্পৰ অনিয়মে পোহৰলৈ আনিছে বহু ভয়াৱহ তথ্য । ২০১৮-১৯ বৰ্ষত বৰাহীবাৰীস্থিত মুগা সঁচ উন্নয়ণ প্ৰকল্পৰ বাউণ্ডেৰী পকী দেৱাল নিৰ্মাণৰ বাবে ১ কোটি, ২৪ লাখ ৮০ হাজাৰ টকা আবন্টন হৈছিল । বৰ্তমান ৭০ শতাংশ কাম সম্পূৰ্ণ হোৱা বাউণ্ডেৰী পকী দেৱাল নিৰ্মাণত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ।