অৱশেষত জালত পৰিল দ্বিবন ডেকা
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা বিজেপি নেতা দ্বিবন ডেকাক গ্ৰেপ্তাৰ ৷ পাটাছাৰকুছি আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে দ্বিবন ডেকাক ৷
ওপজা দিনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আজি ৭৫সংখ্যক ওপজা দিন। জন্মদিনৰ শুভক্ষণত ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে। ১৯৪৫ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ কানপুৰৰ পাৰাওঁখ গাঁৱত ৰাষ্ট্ৰপতিগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল।
হাথৰছ কাণ্ডৰ প্ৰতিবাদত আমগুৰিত যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
উত্তৰ প্ৰদেশত এগৰাকী ১৯ বছৰীয়া যুৱতীক ধৰ্ষণৰ পাচত জিভা কাটি, ডিঙি চেপি হত্যা কৰাৰ মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি আমগুৰিত যুৱ কংগ্ৰেছৰ উদ্যোগত ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷
নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত পাঁচটাকৈ ঘোঁৰা
শিৱসাগৰ জিলাৰ আমগুৰিত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ৷ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ঘটে পাঁচটাকৈ গৰাকীবিহীন ঘোঁৰাৰ ৷
গাড়ী বন্ধ কৰি নগাঁৱত প্ৰতিবাদ মটৰ শ্ৰমিক আৰু মালিক সন্থাৰ
চৰকাৰী নিৰ্দেশনা অনুসৰি পূৰ্বৰ নিৰ্ধাৰিত ভাড়াতেই ৫০ শতাংশ যাত্ৰী লৈ যাত্ৰীবাহী বাহনসমূহৰ চলাচল বাধ্যতামূলক কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে বাহনৰ মালিকৰ লগতে শ্ৰমিক সকল ।
যাত্ৰা: বৃহত্তম নদী দ্বীপৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপলৈ
মহাবাহুৰ বুকুয়েদি বাঁহৰ ভূৰেৰে এক যাত্ৰা ৷ এই যাত্ৰাৰ পৰিধি পৃথিৱীৰ বৃহত্তম নদী দ্বীপ মাজুলীৰ পৰা ক্ষুদ্ৰতম নদী দ্বীপ উমানন্দলৈ ৷ মাজুলীৰ কাৰ্তিক চাপৰিৰ পৰা গুৱাহাটীৰ উমানন্দ ব্ৰহ্মপুত্ৰৰ মাজেৰে দুঃসাহসিক যাত্ৰা কৰিব যোৰহাট আৰু নগাঁৱৰ দুগৰাকী যুৱকে ৷
বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত জোৰ সমদল
বিটিএডিত ৰাজ্যপালৰ শাসন বলবৎ হৈ থকাৰ সময়তে অঞ্চলটোত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে বিপিএফকে ধৰি বিভিন্ন দল সংগঠনে আৰম্ভ কৰিছে এলানি প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে নিশাও বিটিএডিৰ বিভিন্ন প্ৰান্তত দেখা গ’ল জোৰ সমদলৰ কাৰ্যসূচী ৷
মহানগৰীত উচ্চ শিক্ষিত নৱবিবাহিতাই কৰিলে আত্মহত্যা
এগৰাকী উচ্চ শিক্ষিত মহিলাৰ আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীৰ মালিগাঁও অঞ্চলত ৷ আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰিছে এখন চিঠি ৷
মৰিগাঁৱত বিদ্যুৎপৃষ্ট হৈ এজন ছাত্ৰৰ অকাল মৃত্যু
ম’বাইল চাৰ্জ দিবলৈ গৈয়ে অকাল মৃত্যুক সাবটি ললে মৰিগাঁৱৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ৰিন্টু শইকিয়াই ৷ শোকাৱহ ঘটনাটোৰ পিছতেই সমগ্ৰ অঞ্চলত পৰিছে শোকৰ ছাঁ ৷
হাথৰছ কাণ্ডৰ প্ৰতিবাদত ত্ৰিপুৰা যুৱ কংগ্ৰেছৰ মৌন সমদল
উত্তৰ প্ৰদেশত সংঘটিত মৰ্মান্তিক ধৰ্ষণকাণ্ডক গৰিহনা দিয়াৰ লগতে মমবাতি প্ৰজ্বলনেৰে এক মৌন সমদল বাহিৰ কৰি ধৰ্ষণকাৰীৰ উপযুক্ত শাস্তিৰ দাবী কৰিলে ত্ৰিপুৰা প্রদেশ যুৱ কংগ্রেছে ।