অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Sep 6, 2020, 12:53 PM IST

অখিল মাতৃৰ কাষত ৰাণা গোস্বামী: কলে শীঘ্ৰে মুক্তি পাব অখিলে

টীয়কৰ চেলেংহাটস্থিত অখিল গগৈৰ বাসগৃহত শনিবাৰে উপস্থিত হৈছিল যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা ৰাণা গোস্বামী ৷ অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদত কৃষক নেতা গৰাকী অতিশীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বুলি কৈ বৃদ্ধা মাতৃক দিলে শান্তনা ৷ নেতা গৰাকীয়ে অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নগদ 20 হাজাৰ টকাৰ এক আৰ্থিক সাহাৰ্যও কৰিলে প্ৰদান ৷

প্ৰশাসনে বন্ধ কৰিলে চৰকাৰী চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ

শনিবাৰে নলবাৰী প্ৰশাসনে অভিযান চলাই ছীল কৰিলে ৰাকেশ জৈন নামৰ চিকিৎসক এগৰাকীৰ ব্যক্তিগত চেম্বাৰ ৷ অভিযোগ অনুসৰি, ৰাকেশ জৈন নামৰ চিকিৎসক গৰাকীৰ ভুল চিকিৎসাৰ বলী হৈ জিলাখনৰ এগৰাকী শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ যাৰবাবে নলবাৰীৰ শংকৰপুৰৰ অনিল চন্দ্ৰ ৰায় নামৰ লোক এজনে ডাঃ ৰাকেশ জৈনৰ লগতে তেখেতৰ ব্যক্তিগত চেম্বাৰখনৰ বিৰুদ্ধে নলবাৰী থানাত দাখিল কৰিছিল এক অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতে নলবাৰী জিলা প্ৰশাসনে চিকিৎসক গৰাকীৰ চেম্বাৰখন কৰিলে ছীল ৷

গোলাঘাটত জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিবাদ

গোলাঘাট জিলাৰ বংকুৱালৰ কাঠনিবাৰী গাঁৱত শনিবাৰে জীপাল কৃষক শ্ৰমিক সংঘৰ উদ্যোগত স্থানীয় লোকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰা, বোকাখাট ৰেঞ্জৰ অন্তৰ্গত কাজিৰঙাৰ সংযোজন কৰি ১৯০ বৰ্গ কিলোমিটাৰ পথ নিৰ্মাণৰ সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবীৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে অঞ্চলটোৰ পুৰুষ মহিলা সকলো ঘৰৰ পৰা ওলাই আহি মথাউৰিৰ ওপৰতে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷

জনগোষ্ঠীসমূহক জনজাতিকৰণৰ আশ্বাস সাংসদ নৱ শৰণীয়াৰ

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে এতিয়া সাজু বিটিচিৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ৰাজনৈতিক নেতাসকলে জনসাধাৰণক আশ্বস্ত কৰিবলৈ এতিয়া অধিক সক্ৰিয়তাৰে নামি পৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত ৷ গণ সুৰক্ষা পাৰ্টীৰ নেতা তথা সাংসদ নৱ শৰণীয়ায়ো এতিয়া তৎপৰতাৰে সোমাই পৰিছে জনসাধাৰণৰ মাজত ৷ দি গৈছে এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতি ৷

চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্য়াকাৰী আৰক্ষীৰ জালত

যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা ৷ ২৪ ঘন্টাৰ ভিতৰতে আৰক্ষীৰ জালত জে কে এছ মেম'ৰিয়েল হোমিঅ'পেথিক মহাবিদ্যালয়ৰ কণিষ্ঠ চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাৰী ৷ আটকাধীন লোকজনৰ নাম দিগন্ত তাঁতী ৷ যোৰহাটৰ টোকলাই চাহ গবেষণা কেন্দ্ৰৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰিছিল লোকজনক ৷

ধুবুৰীত ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ

ধুবুৰীত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ এজনক আটক । নিশা ধুবুৰীৰ অয়ৰাণ জংলা অঞ্চলত আৰক্ষীয়ে চলালে অভিযান । অঞ্চলটোৰ আলাউদ্দিন সিকদাৰ নামৰ এজন লোকৰ ঘৰত অভিযান চলাই কিছু পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ চিৰাফ জব্দ কৰিবলৈ সক্ষম হয় ।

ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয়ঘইপথত হঠাৎ আগ্নিদগ্ধ হ’ল ট্ৰাক

ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয়ঘইপথত হঠাৎ আগ্নিদগ্ধ হয় এখন ট্ৰাক ৷ গুৱাহাটীৰ পৰা নলবাৰী অভিমূখে গৈ থকা অৱস্থাতে ৰঙিয়াৰ উদিয়ানাৰ ৰাজপথত দপদপাই জ্বলি উঠে ট্ৰাকখন ৷ চালক আৰু হেণ্ডিমেনে জ্বলন্ত ট্ৰাকখনৰ জপিয়াই পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ট্ৰাকখন ৷

গেছভৰ্তি চিলিণ্ডাৰত নহয়, বিস্ফোৰণ হ’ল স্তভত !

যোৰহাটত এগৰাকী মহিলাই ভাত ৰান্ধি থকাৰ অৱস্থাতেই পচণ্ড শব্দৰে বিস্ফোৰিত হ’ল ৰন্ধন গেছৰ স্তভ ৷ বিস্ফোৰণত ঘৰখনৰ এজন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে ৷

বৰপেটাৰোডত ব্ৰাউন ছুগাৰ সহ দুজন যুৱকক আটক

শনিবাৰে বৰপেটা ৰোডত অভিযান চলাই ব্ৰাউন ছুগাৰ সহ দুজন যুৱকক আটক কৰিলে আৰক্ষীয়ে ৷ আটকাধীন যুৱক দুজনৰ নাম ইমৰান আলী আৰু কমফেদ আলী ৷ যুৱকদ্বয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰিৰে AS 15 R 3625 নম্বৰৰ এখন পালছাৰ বাইকেৰে ব্ৰাউন ছুগাৰ কঢ়িয়াই গৈ আচিল বৰপেটা ৰোড অভিমুখে ৷ এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটা ৰোড আৰক্ষীয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা অভিযানত যুৱকদ্বয়ৰ পৰা 53 টা ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেনাৰ জব্দ কৰে ৷

বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা নাই কোনো তান্ত্ৰিকঃ স্পষ্ট কৰিলে অইল ইণ্ডিয়াই

বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা হোৱা নাই কোনো তান্ত্ৰিক । এই বিষয়ে স্পষ্ট কৰিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷ অইল ইণ্ডিয়াৰ বিভাগীয় ফেচবুক পেজযোগে এই বিষয়ে সদৰি কৰে কৰ্তৃপক্ষই ৷

ABOUT THE AUTHOR

...view details