- পুনৰ ডকমকাত জঘন্যকাণ্ড : মৰিয়াই মৰিয়াই জ্বলাই দিলে দুজনক
- পুনৰ কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হ'ল ডাইনীৰ সন্দেহত সাধাৰণ ৰাইজৰ নৃশংস কাণ্ড ৷ কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিনৰ ৰহিমাপুৰত ডাইনীৰ সন্দেহত দুজন লোকক নৃশংসভাৱে হত্যা কৰে গাঁৱৰে একাংশ উন্মত্ত লোকে ৷ ইমানতে শান্ত নাথাকি মৃতদেহ জ্বলাই দিয়াৰ তথ্যও পোহৰলৈ আহিছে।
- গান্ধী জয়ন্তী উপলক্ষে ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ্য
- গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা মহাত্মালৈ ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ্য ৷ শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত গান্ধীজীৰ প্ৰিয় ভজন 'ৰামধুন' ৷ গান্ধীজীৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্র বিশ্বই সভ্যতাৰ মহানায়কজনলৈ শ্ৰদ্ধা জনোৱাৰ মুহূৰ্তত ইটিভি ভাৰত অসমৰ পৰাও জাতিৰ পিতা মহাত্মালৈ বিশেষ শ্ৰদ্ধা আগবঢ়াই সংস্কৃত গীত পৰিবেশনেৰে সকলোকে মোহাচ্ছন্ন কৰা বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত আগ বঢ়াইছো গান্ধীজীৰ প্রিয় ভজন 'ৰামধুন'।
- ৰাহুল গান্ধীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যৰ ঠায়ে ঠায়ে কংগ্ৰেছৰ প্ৰতিবাদ
- বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৰা গ্ৰেপ্তাৰৰ পাচতে ৰাজ্যৰ ঠায়ে ঠায়ে কংগ্ৰেছৰ প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷
- SI কেলেংকাৰী সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া
- নলবাৰীত উপস্থিত হৈ আৰক্ষী উপ-পৰিদৰ্শকৰ (SI) কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই ৷ বৰুৱাই কয় যে, SI কাণ্ডৰ দালাল কুমুদ গোস্বামীয়ে বহু বছৰ ধৰি দালালিৰ কাম কৰি আছে । নলবাৰীৰ দৰে বৌদ্ধিক অঞ্চলক এনে কথাই লজ্জানত কৰিছে ।
- গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ
- আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী ৷ জাতিৰ পিতাৰ জন্ম জয়ন্তী উপলক্ষে ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ আমি গান্ধীজীৰ পৰা শিকিবলগীয়া বহুখিনি আছে ৷ তেখেতৰ চিন্তা ধাৰাই সমৃদ্ধ আৰু উদাৰ ভাৰত গঢ়াত সহায়ক হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল, কংগ্ৰেছ নেতা গুলাম নবী আজাদ, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং সিখাৱটেও শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে জাতিৰ পিতাক ৷
- বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান ফলিন্দ্ৰ বসুমতাৰীৰ
- "বিটিচি হোৱাৰ পাছতহে বাগানপাৰা সমষ্টিৰ অন্তৰ্গত অঞ্চল সমুহত দলং, কালভাৰ্ট, পকী ৰাস্তা হ'ল ৷ ভাৰত স্বাধীন হোৱা 74 বছৰ হ'ল ৷ কিন্তু আজিলৈকে বাগানপাৰা সমষ্টিত কোনে কিমান উন্নয়ন কৰিছে ৰাইজে দেখিছে"৷ বুধবাৰে বাগানপাৰা সমষ্টিত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে প্ৰাক্তন এমচিএলএ ফলিন্দ্ৰ বসুমতাৰীয়ে ৷
- মালিগাঁৱৰ উত্তৰ পূৱ কেন্দ্ৰীয় ৰে’লৱে চিকিৎসালয়ত ৰক্তদান শিবিৰ
- বৃহস্পতিবাৰে মালিগাঁৱৰ উত্তৰ পূৱ কেন্দ্ৰীয় ৰে’লৱে চিকিৎসালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায় ৷ ‘হেল্পিং হেণ্ড ব্লাড ডন'ৰছ’ নামৰ এক স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আয়োজন কৰা হৈছিল এই ৰক্তদান শিবিৰ ৷
- অবৈধ নিচা জাতীয় দ্ৰব্যৰ ঘাটিত পৰিণত বিলাসীপাৰাৰ নয়াহাট
- ৰাজ্যত দিনক দিনে নিচা জাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায় বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ বিলাসীপাৰত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ নিচা জাতীয় ঔষধ জব্দ কৰে ৷
- জালুকবাৰী আৰক্ষীৰ জালত আৰু তিনি ড্ৰাগছ সৰবৰাহকাৰী
- ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ দৰে এক ভয়াৱহ ঘটনা ৷ সমান্তৰালভাৱে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰহৰাহকাৰীৰ লগতে নিষিদ্ধ সাম্ৰাজ্যখনৰ বহু অসাধু লোক ৷ বৃহস্পতিবাৰে জালুকবাৰী আৰক্ষীৰ অভিযানত ধৰা পৰিল আৰু তিনি ড্ৰাগছ সৰবৰাহকাৰী ৷
- সূদীৰ্ঘ সাত মাহৰ অন্তত চলিল কামাখ্যা-মূৰ্কংচেলেক যাত্ৰীবাহী ৰেল
- ক’ৰণা মহামাৰীৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল দেশৰ সকলো ৰেলসেৱা ৷ চৰকাৰে লক ডাউন শিথিল কৰাৰ পিছতে দেশৰ আন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো পুনৰ আৰম্ভ হৈছে ৰেল সেৱা ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল কামাখ্যা-মুৰ্কংচেলেকৰ মাজত বন্ধ হৈ থকা যাত্ৰীবাহী ৰেল সেৱাও ৷
11 বজাৰ 10 টা শীৰ্ষ খবৰ