অসম

assam

ETV Bharat / state

পুৱা 11 বজাৰ 10 টা ৰ্শীষ বাতৰি

পুৱা 11 বজাৰ 10 টা ৰ্শীষ বাতৰি

TOP 10 @ 11AM
পুৱা 11 বজাৰ 10 টা ৰ্শীষ বাতৰি

By

Published : Jul 28, 2020, 11:11 AM IST

লুইতৰ বলিয়া বানত গৃহহাৰা ৰূপহীমুখৰ ২০ টা পৰিয়াল

ৰাজ্যৰ আন ঠাইৰ লগতে বানে তচনচ কৰি গ'ল আমগুৰি সমষ্টিৰ ৰূপহীমুখ । ৰূপহীমুখত এতিয়া কেৱল বন্যাৰ্তৰ হাহাকাৰ । বহিঃবিশ্বৰ পৰা সংযোগ বিচ্চিন্ন হোৱা ৰূপহীমুখ এলাগী হ'ল ৰজাঘৰীয়াৰ চকুৰ পৰা ।

ৰাজ্যত 33576 লৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা

ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ক’ভিড-19 ৰ আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ 1348 গৰাকী লোকক ক’ভিড পজিটিভ পোৱা যায় ৷ আক্ৰান্ত ৰোগীসকলৰ 155 গৰাকী গুৱাহাটী মহানগৰীৰ ৷

অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদবদল

ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে সোমবাৰে অসম আৰক্ষীৰ শীৰ্ষ মহলত ৰদবদলৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

ওদালগুৰি জিলাত পুনত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

বিগত এমাহত একাধিকবাৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে ওদালগুৰি, দৰং আৰু বাক্সা জিলাৰ বিভিন্ন স্থানৰ পৰা ৷ বড়োভূমিৰ মূল বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ আটাইকেইটা গোটে আত্মসমৰ্পন কৰাৰ পাছতে ধাৰাবাহিকভাৱে বড়োলেণ্ডৰ বিভিন্ন স্থানৰ পৰা বৃহৎ-বৃহৎ অবৈধ মাৰণাস্ত্ৰৰ ভাণ্ডৰ উৎখাত কৰিছে সেনা-আৰক্ষীয়ে ৷

অখিল গগৈৰ মুক্তি আৰু 'CAA' বাতিলৰ দাবীত বগীবিলত প্ৰতিবাদ

ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বগীবিলৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত 27 জুলাইত অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ।

ৰোমাঞ্চকৰ স্থিতিত ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলা

মানচেষ্টাৰত অনুষ্ঠিত হৈ আছে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট মেচ ৷ ইতিমধ্যে এক ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে এই টেষ্ট শৃংখলাৰ অন্তিমখন মেচ

জোনাইত বান পৰিস্থিতি পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেৰ

ধেমাজি জিলাৰ জোনাই মহকুমাত সোমবাৰে উপস্থিত হয় অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা সাংস্কৃতিক যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে ৷ জোনাইৰ বানাক্ৰান্ত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷

১৯৯১ চনৰ ২৭ জুলাই: এই দিনটোত আজিও উচুপে কাৰোবাৰ আত্মীয়ই

1991 চনৰ এই দিনটোতে আলফা সজাই একেলগে গুলীয়াই হত্যা কৰা হৈছিল দৰঙৰ 5 গৰাকী নিৰীহ গঞাক ৷ ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ নিৰ্মম অত্যাচাৰত প্ৰাণ হেৰুৱাইছিল সেই 5 গৰাকীকৈ গঞাই ৷

ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ নকৰে শংকৰাচাৰ্য স্বামী ৰূপানন্দই

অযোধ্য ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ নকৰে জগতগুৰু শংকৰাচাৰ্য স্বামী ৰূপানন্দই ৷ ৰাম মন্দিৰৰ ভূমি পূজনৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰি স্বামী ৰূপানন্দই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা অস্বীকাৰ কৰে ৷ অযোধ্যাৰ ৰামমন্দিৰ ভূমি পূজনক লৈ চলিছে ব্যাপক প্ৰস্তুতি ৷

শ্লুইছ গেটে জমৰ যাতনা ভোগাইছে ৰাইজক

যোৰহাট জিলাৰ টীয়কৰ বৰালিমৰাত বিকল হৈ পৰা শ্লুইছ গেটে টীয়কৰ ঘোৰাচঁৰাকে ধৰি বৃহৎ অঞ্চলতোৰ ৰাইজক জীয়াতু ভূগাইছে।

ABOUT THE AUTHOR

...view details