অসম

assam

By

Published : Jul 21, 2020, 11:00 AM IST

ETV Bharat / state

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 @ 11AM
11 বজাৰ দহটা শীৰ্ষ বাতৰি

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : গৰাখহনীয়া ৰোধৰ বাবে তৎপৰ জলসম্পদ বিভাগ

যোৱা 18 তাৰিখে ইটিভি ভাৰতৰ বাতৰি পৰিৱেশনৰ পিচতেই সোমবাৰে জলসম্পদ বিভাগে বাঁহৰ পাৰ্কুপাইনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা পৰিলক্ষিত হয় ।

নিশা বানপীড়িতৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে

পশ্চিম নলবাৰীৰ পুখুৰাত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুঢ়াদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে ৷ পানী কমিলেই ভগ্ন মথাউৰিটো নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে ।

ডিজিটেল নিউজ প'ৰ্টেলক নিয়ন্ত্ৰণৰ দাবী শিলাদিত্য দেৱৰ

ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছেডিজিটেল নিউজ প'ৰ্টেল৷ চৰকাৰে এই ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ব্যবস্থা কৰা উচিত ৷ এই মন্তব্য হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ ৷

মৈৰাবাৰীত নৃশংস হত্যাকাণ্ড

মৰিগাঁৱৰ মৈৰাবাৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । এজন ৫৫ বছৰীয়া লোকক দৌৰাই-দৌৰাই দাৰে ঘপিয়াই হত্যা

মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টনডনৰ দেহাৱসান

মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টনডন আৰু আমাৰ মাজত নাই ৷ লক্ষ্ণৌৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যপালগৰাকীয়ে ৷ তেখেৰ মৃত্যুত ৰাজনৈতিক ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পৰিছে ৷

23 জুলাইৰ পৰা যোৰহাটত আনলক প্ৰক্ৰিয়া আৰম্ভ

ক'ভিড-19 ৰ সংক্ৰমণ ৰোধৰ বাবে যোৰহাটত পুনৰ লক ডাউন ঘোষণা কৰা হৈছিল ৷ কিন্তু 23 জুলাইৰ পৰা যোৰহাট জিলাত আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি জিলা উপাযুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ৷

বঙাইগাঁৱত ৰে'ড এলাৰ্ট ঘোষণা

ৰাজ্যৰ কোনো কোনো অঞ্চলত বান পৰিস্থিতি প্ৰশমিত হৈছে যদিও আনকেতবোৰ অঞ্চলত বৰ্তমানেও অব্যাহত আছে বলিয়া বানৰ বিভীষিকা ৷ বঙাইগাঁৱত আই নদীৰ ভয়াবহ বান পৰিস্থিতি ।

নগাঁৱৰ কোৱাৰেন্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি !

নগাঁও বিদিশা হোটেলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উক্ত হোটেল খনত কোৱাৰেন্টাইন হৈ থকা লোকসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠাৰ লগতে স্বাৱ পৰীক্ষাৰ ৰিপৰ্ট' পলম হোৱাৰ বাবেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

স্থগিত হ’ল আইচিচি টি-20 বিশ্বকাপ

চলিত বৰ্ষত অষ্ট্ৰেলিয়াত হ’বলগীয়া পুৰুষ টি-20 বিশ্বকাপ বাতিল ৷ কৰ’ণা ভাইৰাছৰ বাবেই স্থগিত কৰা হ’ল পুৰুষ টি-20 বিশ্বকাপ প্ৰতিযোগিতা ৷

মঙলবাৰে কৰিমগঞ্জ ভ্ৰমণ কৰিব মন্ত্ৰী পীযূষ হাজৰিকাই

ৰাজ্যত অৱ্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক ৷ কৰিমগঞ্জ জিলাৰ ক'ভিড-19ৰ সামগ্ৰিক পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মংলবাৰে জিলাখন ভ্ৰমণ কৰিব ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযূষ হাজৰিকাই ।

ABOUT THE AUTHOR

...view details