নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভা
বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ এখন কৰ্মী সভা ৷ এই সভাত অংশগ্ৰহণ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা । বৰাই সভাত ক্ষমতাত নাথাকিলে কংগ্ৰেছ উন্মাদ হৈ পৰে বুলি মন্তব্য কৰাৰ লগতে দেশৰ স্বাধীনতা অনা কংগ্ৰেছ নেতা সকলে অসমৰ বেদনা বুজি নাপালে বুলিও মন্তব্য কৰে ।
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজিৰেপৰা তিনিদিনীয়া অসহযোগ কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ যাৰ ফলত বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়সমূহ ৷
হাফলংত হস্ততাঁত আৰু শিল্প বিভাগৰ 5 দিনীয়া প্ৰদৰ্শনীৰ উদ্বোধন
বৃহস্পতিবাৰে হাফলংত হস্ততাঁত আৰু শিল্প বিভাগৰ এক প্ৰদৰ্শনীৰ উদ্বোধন কৰে ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত পল বৰুৱাই । পাহাৰীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাঁজপাৰ আৰু হাতেৰে তৈয়াৰী বিভিন্ন কাপোৰ এই প্ৰদর্শনীত প্ৰদশিত কৰা হৈছে ৷
বকেয়া দৰমহা মুকলিৰ দাবীত আধাৰ কাৰ্ড কৰ্মীৰ প্ৰতিবাদ
বৃহস্পতিবাৰে হাইলাকান্দিত আধাৰ কাৰ্ডৰ কামত নিয়োজিত অস্থায়ী কৰ্মচাৰী সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । বকেয়া দৰমাহ মুকলিৰ দাবীত পাৰিজা এন্টাৰপ্ৰাইজৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ বকেয়া ধন প্ৰদান নকৰালৈকে আধাৰ কাৰ্ড কেন্দ্ৰত সম্পূৰ্ণৰূপে কাম স্থগিত ৰখাৰ সকিয়নী প্ৰদান কৰে আধাৰ কাৰ্ডৰ কৰ্মচাৰী সকলে ৷
অসম-মিজোৰাম সীমান্তত আজিও অব্যাহত আতংক
অসম মিজোৰাম সীমান্তৰ পৰিস্থিতিয়ে লৈছে কিছু স্বাভাৱিক ৰূপ ৷ ক্ৰমাৎ পৰিস্থিতি শান্ত হৈছে যদিও আজি পৰ্যন্ত গৃহহীন হৈ আছে অঞ্চলটোক বহু লোক ৷