অসম

assam

ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @11 PM

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 11, 2021, 11:14 AM IST

Updated : Feb 11, 2021, 11:52 AM IST

অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

বুধবাৰে নিশা গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰীগৰাকীক বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয় ৷ আজি চিৰাঙত এক বৈঠকত মিলিত হ’ব গৃহমন্ত্ৰী শ্বাহ ৷

ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান

পিতৃৰ পদাংক অনুসৰণ কৰি বিধানসভা নিৰ্বাচনত যুঁজ দিবলৈ ওলাইছে এঘাৰজনকৈ জ্যেষ্ঠ কংগ্ৰেছ ৰাজনীতিকৰ সতি-সন্ততিয়ে ।

অসম-মিজো সীমান্তত উপস্থিত হাইলাকান্দি প্ৰশাসন

সীমা সমস্যা সমাধানৰ দাবীৰে বুধবাৰে বিভিন্ন দল-সংগঠনৰ শতাধিক কৰ্মীয়ে হাইলাকান্দিৰ কাটলিছেৰা ঘাৰমুড়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ বুধবাৰে পুৱাৰ পৰা বিভিন্ন দল-সংগঠনৰ কৰ্মীসকল একেলগ হৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছিল ৷

শিশু শ্ৰমিক উদ্ধাৰ অভিযানক লৈ খাৰুপেটিয়াত উত্তপ্ত পৰিস্থিতি

খাৰুপেটীয়াত শিশু শ্ৰমিক উদ্ধাৰ অভিযান ৷ দৰং জিলা শিশু সুৰক্ষা ব’ৰ্ডে চলোৱা অভিযানক লৈ ৰাইজৰ মাজত আতংক ৷ আৰক্ষী অবিহনে চলোৱা আকস্মিক অভিযানক লৈ ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ৷ ঘটনাক লৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি ৷

18 ফেব্ৰুৱাৰীত কৃষকৰ দেশজোৰা ৰে’লপথ অৱৰোধ

18 ফেব্ৰুৱাৰীত দেশজুৰি 4 ঘণ্টীয়া ৰে’লপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকসকলে ৷ উক্ত দিনটোতে 2019 চনত পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা দেশৰ শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলনৰো সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ প্ৰতিবাদী কৃষকসকলে ৷

বিলাসীপাৰাত আশা কৰ্মীৰ বাবে উদ্বোধন আশা ভৱন

বিলাসীপাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত আশা কৰ্মী সকলৰ বাবে ১৩ লাখ টকা ব্যয় সাপেক্ষে আশা ভৱনৰ শুভ উদ্বোধন কৰিলে পূৱ-বিলাসীপাৰা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ।

টিংখাঙত ষ্ট্ৰিট লাইট সংস্থাপন কামৰ শুভাৰম্ভ

টিংখাঙৰ লেঙেৰীত সৌৰশক্তি চালিত ষ্ট্ৰিট লাইট লগোৱা কামৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক বিমল বৰাৰ সহধৰ্মিনী গৌৰী বৰাই । প্ৰথম পৰ্যায়ত টিংখাং সমষ্টিৰ অন্তৰ্গত নাচনী গাওঁ পঞ্চায়ত আৰু লেঙেৰী গাওঁ পঞ্চায়তত সৌৰশক্তি চালিত ষ্ট্ৰিট লাইট লগোৱা কাম কৰা হ'ব ।

অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি লাভ কৰিব হিমা দাসে

হস্পতিবাৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিবেশন । সংসদীয় পৰম্পৰা অনুসৰিয়েই অধিবেশনৰ পূৰ্বে বুধবাৰে সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ এখন বৈঠক । এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

আদৰ্শ গাঁও হ'ব অভয়পুৰীয়াৰ বঙালী গাঁও

অসম আদৰ্শ গ্ৰাম যোজনা ২০২০-২১ৰ অধীনত অভয়পুৰীয়া বঙালী গাঁৱক আদৰ্শ গাঁও হিচাপে স্থাপন কৰাৰ বাবে প্ৰথম পৰ্যায়ত ৫০ লাখ টকাৰে ৭ টা আঁচনিৰ কামৰ শুভাৰম্ভ কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।

মৰিগাঁৱত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন

মৰিগাঁৱত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন ৷ 6.2 কোটি আৰু 4.2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বেলগুৰি-জেৰেঙাগাঁও সংযোগী আৰু কৰাইবাৰী-জোৰগাঁও সংযোগী দলং দুখন ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰমাকান্ত দেউৰী ৷

Last Updated : Feb 11, 2021, 11:52 AM IST

ABOUT THE AUTHOR

...view details