উৰিষ্যাৰ বন বিষয়ালৈ ৰাষ্ট্ৰসংঘৰ সন্মান
নিজৰ কৰ্তব্য একান্ত নিষ্ঠাৰে পালন কৰি ৰাষ্ট্ৰসংঘৰ এছিয়া পৰিৱেশ প্ৰৱৰ্তন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এগৰাকী বন বিষয়াই । বনৰৌৰ অবৈধ বেহাৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতামূলক সভা অনুষ্ঠিত কৰি এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে উৰিষ্যাৰ বন বিষয়া সস্মিতা লেংকাই ।
দুখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে
বিশ্বনাথৰ মধুপৰৰ সাপ্তাহিক বজাৰ আৰু বিশ্বনাথ মহকুমা চিকিৎসালয়ক সামৰি প্ৰায় 200 বিঘা মাটিত স্থাপন হ'ব প্ৰস্তাৱিত বিশ্বনাথ মেডিকেল কলেজ ৷ দেওবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঢেকিয়াজুলী জনসভাৰ পৰাই স্থাপন কৰিব আধাৰশিলা ৷
মোডীৰ অসম ভ্ৰমণক লৈ গঢ়ি তোলা বিশেষ বজাৰখন
অসমত আজি আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইতিমধ্যে ইয়াৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ঢেকীয়াজুলিৰ লগতে সমগ্ৰ শোণিতপুৰ জিলাত ৷
প্ৰধানমন্ত্ৰীৰ সভালৈ যোৱা বাহন ঘুৰাই পঠিয়ালে আটছাই
দেওবাৰে শ্বহীদ নগৰী ঢেকীয়াজুলিত অনুষ্ঠিত হ’বলগীয়া দলীয় সভালৈ যোৱাৰ ক্ষেত্ৰত চাহ বাগিচাৰ ৰাইজক বাধা প্ৰদান কৰাৰ উদ্দেশ্যৰে আটছাৰ সদস্যসকলে ৰাজপথত টায়াৰ জ্বলোৱাৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে ।
ঢেকিয়াজুলিত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
স্বাধীনতা আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি নতুন ৰূপত সজাই তোলা হৈছে শ্বহীদ নগৰীখন । ইতিমধ্যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে তাৰবাবে সম্পূৰ্ণ কৰি তুলিছে ব্যাপক প্ৰস্তুতি ৷ মুঠতে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সম্প্ৰতি সৰ্ম্পূণ সাজু হৈ উঠিছে ঢেকিয়াজুলিবাসী ৷