তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলাৰ চি পি আই এম এলৰ নেতা বিবেক দাসৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত ম্ৰিয়মান ৰাজ্যবাসী ৷
তৰুণ গগৈৰ মৃত্যুত শোকপ্ৰকাশ চামগুৰিবাসীৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য ৷ নগাঁৱৰ চামগুৰি আৰু পুৰণিগুদামবাসীৰ মাজতো দেখা যায় শোকৰ ছাঁ ৷ প্ৰিয় নেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন কৰে স্থানীয় ৰাইজৰ লগতে কংগ্ৰেছ কৰ্মীসকলে ৷
ৰঙাপৰাত নিশা উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ শূন্যলৈ গুলিচালনা
শোণিতপুৰৰ ৰঙাপৰাৰ বৰজুলিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰাজপথত টায়াৰ জ্বলাই ৰাইজৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ ২০ জাই গুলিচালনা ৷
ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
ডিগবৈৰ প্ৰকৃতিপ্ৰেমী সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ ৷ বন বিভাগৰ সহযোগতৃ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী, দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়া হয় পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো ৷
তৰুণ গগৈৰ মৃত্যুত ইমৰাণ শ্বাহৰ প্ৰতিক্ৰিয়া
বয়সত মোতকৈ দুবছৰ সৰু আছিল যদিও তৰুণ গগৈৰ সৈতে মোৰ মধুৰ সম্পৰ্ক আছিল ৷ অতীতৰ কথা সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান সাহিত্যিক গৰাকী ৷ মুল্যবোধৰ ৰাজনীতি কৰিছিল তৰুণ গগৈয়ে ৷ অসমৰ ৰাজনীতিত প্ৰয়াত তৰুণ গগৈক সকলোৱে মনত ৰাখিব ৷